NORTHEAST NOW (Assamese)
দেশ

দিল্লীত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড: ঘৰৰ ভিতৰতে যুৱতীক গুলীয়াই হত্যা মুখা পৰিহিত দুৰ্বৃত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2023 5:07 pm
Delhi Woman Shot Dead

আন এক হত্যাকাণ্ডই কঁপাইছে দিল্লী। ৰাজধানী অঞ্চলটোৰ জয়তপুৰত শুকুৰবাৰে নিজ বাসগৃহৰ ভিতৰতে গুলীয়াই হত্যা কৰে এগৰাকী ২৪ বছৰীয়া যুৱতীক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মুখা পৰিহিত দুজন অচিনাক্ত বন্দুকধাৰীয়ে যুৱতীগৰাকীৰ ঘৰত সোমাই গুলীচালনা কৰে।

ঘটানাৰ পিছতে যুৱতীগৰাকীক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত দুই দুৰ্বৃত্তই মুখা পৰিধান কৰি যুৱতীগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁক আক্ৰমণ কৰে।

স্থানীয় লোকে গুলীৰ শব্দ শুনাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু দুই বন্দুকধাৰীক কৰায়ত্বৰ চেষ্টা কৰে।

কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টা বিফল হয় আৰু দুই আক্ৰমণকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কিন্তু আক্ৰমণকাৰীয়ে ব্যৱহাৰ কৰা মটৰ চাইকেলখন ধৰিবলৈ সক্ষম হয় স্থানীয় লোক।

পিছত স্থানীয় লোকসকলে আৰক্ষীক মটৰ চাইকেলখন চমজাই দিয়ে। লক্ষণীয়ভাৱে জব্দ কৰা মটৰ চাইকেলখনৰ নম্বৰ প্লেট নাই বুলি আৰক্ষীয়ে সদৰী কৰিছে।

আক্ৰমণকাৰী দুই দুৰ্বৃত্তক সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আনহাতে নিহত যুৱতীগৰাকীক ২৪ বছৰীয়া পূজা যাদৱ বুলি চিনাক্ত কৰা হৈছে।