NORTHEAST NOW (Assamese)
অসম

কবৰৰ পৰা উঠি আহিল হাজাৰ হাজাৰ মিনস্কৰ মৃতদেহ, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2020 1:39 pm
aaa min

কবৰৰ পৰা উঠি আহিছে হাজাৰ হাজাৰ মৃতদেহ।

ক’ৰ’ণাতংকৰ সময়ত ক’ৰ’ণাৰ বাহক বুলি সন্দেহ কৰি হত্যা কৰা মিনস্ক নামৰ নিমাখিত প্ৰাণী বিধৰ মৃতদেহ এয়া।

কিছুদিন পূৰ্বে ডেনমাৰ্কৰ চৰকাৰৰ নিৰ্দেশত দেশ খনৰ বিভিন্ন প্ৰান্তত জীয়াই জীয়াই পুতি থোৱা হৈছিল হাজাৰ হাজাৰ মিনস্ক।

এই প্ৰাণী বিধৰ পৰা ডেনমাৰ্কৰ বহু লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিয়েই এনেদৰে হাজাৰ হাজাৰ মিনস্ক হত্যা কৰা হৈছিল।

কবৰ খান্দি মিনস্ক পুতি থৈ অহাৰ পিছতে ডেনমাৰ্কৰ চৰকাৰী কৰ্মচাৰীসকলে মনতে ভাবিছিল—লেঠা শেষ বুলি। কিন্তু শেষ হ’ল বুলি ভবা লেঠা শেষ হওঁক চাৰি এতিয়া নতুন ৰূপত মূৰ দাঙিহে উঠিছে।

শেহতীয়াকৈ ডেনমাৰ্কৰ Holstebro  নামৰ চহৰ খনত মাটিৰ তলত পুতি থোৱা হাজাৰ হাজাৰ মিনস্ক মাটিৰ ওপৰলৈ উঠি আহিছে।

কবৰৰ পৰা নিজে নিজে ওপৰলৈ উঠি অহা হাজাৰ হাজাৰ মিনস্কৰ গেলিবলৈ লোৱা মৃতদেহ দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে স্থানীয় প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল।

কাৰণ কবৰৰ পৰা এনেদৰে কোনো প্ৰাণীৰ মৃতদেহ ওপৰলৈ উঠি অহাৰ ঘটনা অঞ্চলটোত এয়াই প্ৰথম।

ডেনমাৰ্কৰ একাংশ বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে একেটা কবৰতে বহু মিনস্ক পোতাৰ ফলত কবৰৰ ভিতৰত বিশেষ গেছৰ সৃষ্টি হৈছে আৰু সেই গেছেই মিনস্কৰ মৃতদেহবোৰ মাটিৰ ওপৰলৈ ঠেলি দিছে।

চহৰ খনৰ প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে মিনস্কৰ মৃতদেহ বোৰ মাটিৰ কমেও ১৫০ চেণ্টিমিটাৰ তলত পুতিব লাগিছিল যদিও তাত প্ৰায় ১০০ চেণ্টিমিটাৰ তলতহে মৃতদেহ পোতা হৈছে।

সেয়ে মৃতদেহবোৰ সহজে মাটিৰ ওপৰলৈ উঠি আহিছে।

এই ঘটনাৰ ফলত সমগ্ৰ চহৰ খনতে ব্যাপক প্ৰদূষণৰ আশংকাই গা কৰি উঠিছে।