NORTHEAST NOW (Assamese)
দেশ

ঝাৰখণ্ডত ভয়াবহ ৰ’পৱে দুৰ্ঘটনা: তিনিজন নিহত, চল্লিশৰো অধিক ব্যক্তি আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2022 6:01 pm
Deoghar ropeway

সোমবাৰে ঝাৰখণ্ড দেওঘৰত সংঘটিত ভয়াবহ ৰ’পৱে দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান আজি সামৰণি পৰে। ভাৰত-তিব্বত সীমান্ত আৰক্ষী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ভাৰতীয় বায়ু সেনাৰ যুটীয়া অভিযানৰ অন্তত ৰক্ষা পৰে কেইবাজনো ব্যক্তিৰ জীৱন।

উল্লেখ্য যে দেওঘৰৰ ত্ৰিকুটত থকা ঝাৰখণ্ডৰ সৰ্বোচ্চ ৰ’পৱেত দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দুখন কেবল বাহনৰ সংঘৰ্ষৰ ফলত বাহন দুখনৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় আৰু প্ৰায় ৭০ জন লোক বাহন কেইখনতে আবদ্ধ হৈ।

ইয়াৰ পিছতে ভাৰত-তিব্বত সীমান্ত আৰক্ষী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ভাৰতীয় বায়ু সেনাৰ যুটীয়াভাৱে উদ্ধাৰ অভিযান চলায় যদিও নিশা অভিযান বন্ধ কৰিবলৈ বাধ্য হয়।

নিশা ড্ৰোন ব্যৱহাৰ কৰি বাহনকেইখনত আৱদ্ধ লোকসকললৈ খাদ্য আৰু পানী প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছিল।

সংঘৰ্ষৰ সময়ত এজন লোকৰ লগে লগে মৃত্যু হোৱাৰ বিপৰীতে হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযানৰ সময়ত আন দুজন ব্যক্তিৰ মৃত্যু হয়।

এই ভয়ংকৰ ঘটনাটোত সৰ্বমুঠ তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে চল্লিশৰো অধিক ব্যক্তি আহত হৈছে। আহতসকলক দেওঘৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি দেওঘৰৰ উপায়ুক্ত মঞ্জুনাথ ভৈজন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে দেওঘৰ ৰ’পৱে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰু ৰাজ্য চৰকাৰক ২৬ এপ্ৰিলৰ পূৰ্বে বিতং তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।