NORTHEAST NOW (Assamese)

হৰিশিঙা বিস্ফোৰণৰ পাছতো কামাখ্যা-ডেকাৰগাঁও ৰেলপথত নাই পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা

December 3, 2018 5:44 pm · ছাজিদ খান
Updated: December 3, 2018 5:54 pm

যোৱা শনিবাৰে নিশা প্ৰায় ৭-০০ মান বজাত ওদালগুৰি জিলাৰ হৰিশিঙাৰ ওচৰত কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰচিটি এক্সপ্ৰেছত আইইডি বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতো গা লৰা নাই ৰে’লৱে কৰ্তৃপক্ষৰ। এতিয়াও পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ অভাৱত আছে ষ্টেশ্যনসমূহ। কামাখ্যা-ডেকাৰগাঁও যাত্ৰাপথত থকা আৰু ৰঙিয়া আৰু কামাখ্যাৰ পাছতেই ব্যস্ত টংলা আৰু ৰঙাপৰা ৰে’লৱে ষ্টেশ্যনত এই পৰ্যন্ত নাই পৰ্যান্ত নিৰাপত্তাৰক্ষী। এই ষ্টেশ্যন দুটাত শ শ যাত্ৰীয়ে দৈনিক অহা-যোৱা কৰে।

পৰিস্থিতি আৰু অধিক শোচনীয় কৰিছে এইটো যাত্ৰাপথত থকা ভালেমান নিৰাপত্তাৰক্ষী বিহীন প্ৰৱেশপথে। এই  প্ৰৱেশপথসমূহেৰে অকৰ্তৃত্বশীল যাত্ৰী আৰু বেপাৰীয়ে অবাধে ষ্টেশ্যনত প্ৰৱেশ কৰিব পাৰে। টংলা ৰে’লৱে ষ্টেশ্যনত মেটেল ডিটেক্টৰ বা এক্সৰে’ মেচিনৰ কথাই নাই আনকি চিচিটিভি কেমেৰা আদি প্ৰাথমিক নিৰাপত্তা ব্যৱস্থাও নাই।

টংলা ৰে’লৱে ষ্টেশ্যনৰ এগৰাকী এগৰাকী বিষয়াই জনাইছে যে টংলা ৰে’লৱে ষ্টেশ্যনত প্ৰায় ১৪খন ৰেলগাড়ীৰে নিয়মীয়াকৈ প্ৰায় ৫০০০ৰ পৰা ৬০০০ যাত্ৰীয়ে উঠা-নমা কৰে।

পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ অভাৱত ষ্টেশ্যনটো কূটাঘাতৰ লক্ষ্য হৈ পৰাতো নিশ্চিত।  টংলা অনুসন্ধান কেন্দ্ৰৰ জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া হাছানুৰ জামানে কৈছে, ‘‘আমি এইটো যাত্ৰাপথত চিচিটিভিকে আদি কৰি নিৰাপত্তা আহিলাৰ বাবে বহু বাৰ অনুৰোধ কৰি আহিছোঁ কিন্তু কৰ্তৃপক্ষই আমাক সেয়া যোগান ধৰা নাই।’’ তেওঁ আৰু কয় যে খৈৰাবাৰী, টংলা, হৰিশিঙা, ৰৌতা, ওদালগুৰিৰ পৰা মাজবাটলৈকে  টংলা জিআৰপিৰ এক্তিয়াৰ ভিতৰুৱা ৰে’লৱে ষ্টেশ্যন।

নাম প্ৰকাশত অনিচ্ছুক টংলাৰ এগৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছে, ‘‘শেহতীয়া বিস্ফোৰণটোৱে ৰে’লৱেৰ নিৰাপত্তা ব্যৱস্থাত থকা ফাঁকটো প্ৰকট কৰি তুলিছে। যাত্ৰীৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ পাছতো যাত্ৰীৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাত কৰ্তৃপক্ষ সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁ আৰু কৈছে যে ষ্টেশ্যনৰ সৌন্দৰ্য বৰ্ধনতকৈও নিৰাপত্তা ব্যৱস্থাৰ উন্নীতকৰণে অগ্ৰাধিকাৰ পোৱা উচিত।

Related News