NORTHEAST NOW (Assamese)
Popular Stories

সাহিত্য অকাডেমী বঁটা ২০২৫ ঘোষণা: দেৱব্ৰত দাসলৈ অসমীয়াত, সহইচুলি ব্ৰহ্মলৈ বড়ো ভাষাত এই সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2026 3:36 pm

২০২৫ বৰ্ষৰ বাবে দেশৰ অন্যতম সন্মানীয় সাহিত্যিক সন্মান সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছে। এইবাৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এই বিশিষ্ট বঁটা লাভ কৰিছে জনপ্ৰিয় সাহিত্যিক দেৱব্ৰত দাসে। তেওঁৰ উপন্যাস কড়িখেলৰ সাধুৰ বাবে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। দেওবাৰে সাহিত্য অকাডেমীয়ে দেশৰ মুঠ ২৪টা ভাষাৰ বিশিষ্ট সাহিত্যিকসকলৰ তালিকা প্ৰকাশ কৰে। নিজ নিজ ভাষাৰ অভিজ্ঞ লেখক আৰু পণ্ডিতৰ দ্বাৰা গঠিত জুৰীয়ে এই বঁটাৰ বাবে সাহিত্যিকসকলক নিৰ্বাচিত কৰিছে।

অসমীয়া ভাষাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ভাষাতো এই বঁটা ঘোষণা কৰা হৈছে। বড়ো ভাষাত সহইচুলিব্ৰহ্মই তেওঁৰ উপন্যাস দ্বংৱনী লামা ম্ৱছে গ্ৱথ্ৱনৰ বাবে এই বঁটা লাভ কৰিছে। ঠিক তেনেদৰে মণিপুৰী ভাষাত হাওবাম নলিনীক তেওঁৰ চুটিগল্প সংকলন কংলামদ্ৰিবা ইফুটৰ বাবে আৰু নেপালী ভাষাত প্রকাশ ভট্টৰাইক নেপালী পৰম্পৰিক সাংস্কৃতিক ৰা সভ্যতা কো দুকুটি শীৰ্ষক ৰচনাৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছে।

আন কেইবাটাও গুৰুত্বপূৰ্ণ ভাষাত এইবাৰৰ বিজয়ীসকলৰ তালিকা প্ৰকাশ পাইছে। হিন্দী ভাষাত মমতা কলিয়াই তেওঁৰ স্মৃতিগ্ৰন্থ জীতে জী এলাহাবাদৰ বাবে আৰু ইংৰাজী ভাষাত নৱতেজ সাৰ্নাই এই সন্মান লাভ কৰিছে। বাংলা ভাষাত প্ৰসুন বন্দ্যোপাধ্যায়ক তেওঁৰ কবিতা সংকলন শ্ৰেষ্ঠ কবিতাৰ বাবে নিৰ্বাচিত কৰা হৈছে। একেদৰে ডগৰী ভাষাত কাহজুৰ সিং ঠাকুৰ, গুজৰাটী ভাষাত যোগেশ বৈদ্য আৰু কানাড়া ভাষাত অমৰেশ নুগাডোনিয়ে এই বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে।

কাশ্মীৰী ভাষাত আলী শৈদা, কোংকনী ভাষাত হেনৰী মেণ্ডোনকা আৰু মালয়ালম ভাষাত এন প্ৰভাকৰনকো সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ উপৰিও মাৰাঠী ভাষাৰ বাবে ৰাজু বাবিস্কৰ, ওডিয়া ভাষাৰ বাবে গিৰিজা কুমাৰ বলিয়াৰসিংঘ আৰু পাঞ্জাবী ভাষাৰ বাবে জিন্দৰক এই বঁটা প্ৰদান কৰা হ’ব। ৰাজস্থানী ভাষাত জিতেন্দৰ কুমাৰ সোণী, সংস্কৃতত মহামানোপাধ্যায় সাধু ভদ্ৰেশদাস আৰু সন্তলী ভাষাত সুমিত্ৰা সোৰেনে এই সন্মানীয় বঁটা লাভ কৰিছে।

বিজয়ীসকলৰ তালিকাত সিন্ধী ভাষাৰ বাবে ভগৱান আটলানী, তামিল ভাষাৰ বাবে ছা. তামিলচেলভান, তেলেগু ভাষাৰ বাবে নন্দিনী সিদ্ধা ৰেড্ডী আৰু উৰ্দু ভাষাৰ বাবে প্ৰীতপাল সিং বেটাবৰ নামো অন্তৰ্ভুক্ত আছে। উল্লেখ্য যে সাহিত্য অকাডেমী বঁটাত এটা খোদিত তামৰ ফলক, এখন চাদৰ আৰু নগদ ধনৰ পুৰস্কাৰ থাকে। অকাডেমীৰ দ্বাৰা আয়োজিত এক বিশেষ অনুষ্ঠানত এই বঁটাপ্ৰাপকসকলক আনুষ্ঠানিকভাৱে সন্মান জনোৱা হ’ব।