NORTHEAST NOW (Assamese)

দিপাৱলীৰ আনন্দৰ মাজতে বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড

November 7, 2018 9:23 pm · উত্তম শইকীয়া

দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে আজি সন্ধিয়া বোকাথাতত এক সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডই অঞ্চলটোত এক হুৱাদুৱা লগায়।

প্ৰাপ্ত তথ্য মতে বোকাখাতৰ বি ডি এম পথৰ বালাজী হাৰ্ডৱেৰ এণ্ড ইলেক্ট্ৰিকেল নামৰ এখন দোকানত জুই লাগে। সন্ধিয়া স্থানীয় লোকে বন্ধ হৈ থকা দোকানখনৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰি বোকাখাত আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰিয়েই ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে দোকানখনৰ তলা ভাঙি জুই নুমুৱাবলৈ সক্ষম হয় যদিও দোকানখনৰ ভিতৰত থকা বহু সামগ্ৰী জুইত জাহ যায়।

অগ্নিকাণ্ড সংঘটিত হোৱা দোকানখন মনিশ চাচান নামৰ এজন ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে। বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

Related News