NORTHEAST NOW (Assamese)
অসম

গোলাঘাট চহৰত বিধ্বংসী অগ্নিকাণ্ড; জুইত জাহ গ’ল কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন September 12, 2021 8:13 am
Golaghat fire final

গোলাঘাট চাউল বজাৰত নিশা এক  বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাত জাহ গ’ল কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান।

অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট হোৱাৰ আশংকা কৰা হৈছে।

নিশা প্ৰায় ৯:৩০ বজাত চাউল বজাৰস্থিত সুশিল নামৰ লোকজনৰ দোকানত কোনো অপ্ৰত্যাশিত কাৰণত জ্বলি উঠে জুই।

পাছত জুইয়ে ভয়ংকৰ ৰূপ লোৱাত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।

ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই কিছু পৰিমাণে নিৰ্বাপিত কৰে যদিও সম্পূৰ্ণৰূপে জুই নিৰ্বাপিত কৰিবলৈ বহুসময় ধৰি চেষ্টা অব্যাহত ৰাখিবলগীয়া হয়।

বিধ্বংসী অগ্নিকাণ্ডটোত দহখনতকৈ অধিক কাপোৰৰ তথা চাউলৰ বিপনী জ্বলি চাৰখাৰ হয়।

জুই উৎপত্তিৰ কাৰণ এতিয়ালৈও জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।