NORTHEAST NOW (Assamese)
অসম

হৰিনামৰ ধ্বনিৰে মুখৰিত কলিয়াবৰৰ আকাশ বতাহ

Posted by: ৰিদিপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা, কলিয়াবৰ August 18, 2022 12:23 pm

ছ-অৰা এখন সত্ৰৰে পৰিপূৰ্ণ কলিয়াবৰৰ আকাশ বতাহ এতিয়া খোল তাল হৰিনামৰ ধ্বনিৰে মুখৰিত। পৱিত্ৰ ভাদ মাহ উপলক্ষে মুখৰিত হৈ পৰিছে কলিয়াবৰৰ নামঘৰসমূহ।

গুৰুজনাৰ সৃষ্টিৰাজী গীত মাতৰে মুখৰিত নামঘৰসমূহ। কলিয়াবৰৰ বৰালীগাঁৱৰ নামঘৰতো দেখা গ’ল আধ্যাত্মিকতাৰ পৰিবেশ।

জাতি ধৰ্ম নিৰ্বিশেষে বিগত এটা মাহ ধৰি কণ কণ শিশু সকলক গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওণাৰ “গাণিকা”ৰ খোল তাল নাগাৰা গুৰু পূৰ্ণানন্দ বৈশ্যৰ তত্বাৱধানত শিকোৱা দেখা গৈছে।

উল্লেখনীয় বৃহত্তৰ অসমীয়া জাতি গঠনৰ উৎকৃষ্ট নিদৰ্শন দেখা গ’ল কলিয়াবৰৰ বৰালীগাঁৱত।মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰ প্ৰতি আকৰ্ষিত বঙালী সম্প্ৰদায়ৰ শিশুসকলো।

বঙালী সম্প্ৰদায়ৰ শিশুৱে এই এমাহ ধৰি হোৱা প্ৰশিক্ষণত সুন্দৰকৈ বজাব পৰা হৈছে দেৱবাদ্য খোল, তাল।