NORTHEAST NOW (Assamese)

পাইলট প্ৰশিক্ষণত নিয়ম উলংঘাঃ ইণ্ডিগ’ক ৪০ লাখ টকাৰ জৰিমনা

October 12, 2025 8:09 pm · এন ই নাও নিউজ, গুৱাহাটী

বিমান সেৱা প্ৰদানকাৰী সংস্থা ইণ্ডিগ’ৰ বিৰুদ্ধে পাইলট প্ৰশিক্ষণৰ নিয়ম উলংঘাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএই ইণ্ডিগক ৪০ লাখ টকা জৰিমনা বিহিছে। জানিব পৰা মতে নতুন পাইলটৰ প্ৰশিক্ষণত ইণ্ডিগই ইচ্ছাকৃতভাৱে ভুল চিমুলেটৰ ব্যৱহাৰ কৰিছিল।

কিছুমান বিমানবন্দৰত উৰণ আৰু অৱতৰণ কৰাটো অতি জটিল। এই বিমানবন্দৰসমূহ ‘কেটেগৰী চি বিমানবন্দৰৰ তালিকাৰ অন্তৰ্ভুক্ত। কাঠমাণ্ডু আৰু কালিকট বিমানবন্দৰ এই তালিকাত আছে। এই বিমানবন্দৰসমূহত উৰণ আৰু অৱতৰণ প্ৰশিক্ষণৰ বাবে বিশেষ চিমুলেটৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। অভিযোগ অনুসৰি পাইলটৰ প্ৰশিক্ষণৰ সময়ত ইণ্ডিগই অনুপযুক্ত চিমুলেটৰ ব্যৱহাৰ কৰিছিল। যাৰ বাবে ডিজিচিএই ১১ আগষ্টত প্ৰশিক্ষণ সঞ্চালকক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰিছিল। কিন্তু ইণ্ডিগই দিয়া উত্তৰক ডিজিচিএই উপযুক্ত বুলি গণ্য কৰা নাছিল। যাৰ বাবে অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণ সংস্থাটোৱে দুটা পৰ্যায়ত ইণ্ডিগ’ক ৪০ লাখ টকাৰ জৰিমনা বিহিছে।

উল্লেখ্য যে বিমানৰ প্ৰশিক্ষণত ব্যৱহাৰ কৰিবলগীয়া চিমুলেটৰটো এক প্ৰকাৰৰ কম্পিউটাৰ ব্যৱস্থা। যত প্ৰশিক্ষণ কেন্দ্ৰত বহি বিমান উৰুৱাবলৈ প্ৰশিক্ষণ দিয়া হয়। চিমুলেটৰটোৱে প্ৰকৃত বিমানৰ দৰে কাম কৰে। ইয়াত বিমানৰ ককপিটৰ দৰে সকলো সঁজুলি আছে। ই কৃত্ৰিমভাৱে আকাশত উৰণৰ অভিজ্ঞতা দিয়াৰ উপৰিও অৱতৰণৰ বাবে সকলো প্ৰশিক্ষণ নিখুঁতভাৱে প্ৰদান কৰে।

স্মৰ্তব্য যে যোৱা আগষ্ট মাহতো ডিজিচিএ-য়ে যাত্ৰীক লেতেৰা আসন দিয়াৰ বাবে ইণ্ডিগ’ক ডেৰ লাখ টকাৰ জৰিমনা বিহিছিল।

Related News