NORTHEAST NOW (Assamese)

কোকৰাঝাৰত অভয়াখুটিৰ ঘটনাকলৈ ডিজিপিৰ সংবাদ মেল; তিনিজন অভিযুক্তই আছিল মাষ্টাৰমাইণ্ড

June 15, 2021 7:54 pm · ৰিনয় বসুমতাৰী
কোকৰাঝাৰত ডিজিপিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

কোকৰাঝাৰ অভয়াখুটিৰ ঘটনাটোকলৈ কোকৰাঝাৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ডিজিপি ভাস্কৰ জ্যোতি মহন্তই আজি এখন সংবাদ মেল সম্বোধন কৰে।

দুই কিশোৰীক বলাৎকাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰা মূল অভিযুক্ত আছিল তিনিজন মাষ্টাৰমাইণ্ড।

এই তিনিজন মাষ্টাৰমাইণ্ডৰ নাম হ’ল ক্ৰমে নাচিবুল আলী শ্বেখ(১৯), ফৰিজুল ৰহমান(২২) আৰু মজামেল শ্বেখ(২০)।

বি টি আৰৰ আৰক্ষীৰ মহাপৰিদৰ্শক এল আৰ বিষ্ণইয়ে সংবাদ মেলত সদৰী কৰা মতে যোৱা ১১ জুন তাৰিখে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰিবলৈ স্পেচিয়েল এছ আই টি গঠন কৰা হৈছিল।

এই ঘটনাটো বলাৎকাৰ আৰু হত্যাকাণ্ডৰ ঘটনা হয়। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে সাতটাকৈ মোবাইল ফোন, এখন মটৰ চাইকেল আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ মূল অভিযুক্ত তিনিজন যদিও বাকী চাৰিজন অন্যান্য কামত জড়িত আছে। এই ঘটনাক ফাষ্টট্ৰেকত অনা হব।

উক্ত সংবাদ মেলত বি টি আৰৰ আইজিপি এল আৰ বিষ্ণই, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক প্ৰতীক টুভে সহ উচ্চ পদস্থ আৰক্ষী বিষয়া সকল উপস্থিত থাকে।

Related News