NORTHEAST NOW (Assamese)
Popular Stories

ধেমাজি বিস্ফোৰণ : ৰায়দানৰ পূৰ্বে অঘটন; ৪ জুলাইলৈ পিছুৱাই দিয়া হ’ল চূড়ান্ত ৰায়ৰ দিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2019 11:49 am
ধেমাজি বিস্ফোৰণ : ৰায়দানৰ পূৰ্বে অঘটন; ৪ জুলাইলৈ পিছুৱাই দিয়া হ’ল চূড়ান্ত ৰায়ৰ দিন

সুদীৰ্ঘ ১৫ বছৰৰ পিছত আজি ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ধেমাজি চেছন আদালতে চূড়ান্ত ৰায় প্ৰদান কৰাৰ কথা আছিল। কিন্তু চূড়ান্ত ৰায়দানৰ পূৰ্বে সংঘটিত এক অঘটনৰ ফলত আদালতে ধেমাজি বিস্ফোৰণৰ ৰায়দান স্থগিত ৰাখে।

বুধবাৰে অৰ্থাৎ ১৯ জুনৰ নিশা সংঘটিক এক পথ দুৰ্ঘটনাত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তা তথা ধেমাজি বাৰ এছ’চিয়েশ্যনৰ সম্পাদক ঘনশ্যাম লাহনৰ মৃত্যু হয়।

ধেমাজি বোমা বিস্ফোৰণ কাণ্ডত জড়িত থকাত অভিযুক্ত ৪ জন লোকৰ হৈ ওকালতি কৰিছিল ঘনশ্যাম লাহনে। কিন্তু হঠাৎ তেওঁৰ মৃত্যু হোৱাত ধেমাজি উকিল সন্থাই জনোৱা এক আবেদনৰ ওপৰত ভিত্তি কৰি ধেমাজি চেছন আদালতে আজি হ’বলগীয়া ৰায়দান পিছুৱাই দিয়ে।

অহা ৪ জুলাইলৈ এই ৰায়দান পিছুৱাই দিয়া হৈছে। আনহাতে পথ দুৰ্ঘটনাত পতিত হৈ অধিবক্তা ঘনশ্যাম লাহনৰ মৃত্যু হোৱাত অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।