NORTHEAST NOW (Assamese)
Popular Stories

আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত Masters Mr. Universe ৰ খিতাপ দখল ধেমাজিৰ সমীৰ পালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2019 8:19 pm

আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সাফল্য অৰ্জনেৰে অসমৰ এজন যুৱকে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ধেমাজি জিলাৰ সমীৰ পাল নামৰ যুৱকজনে থাইলেণ্ডত অনুষ্ঠিত এখন শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি  Masters Mr. Universe ২০১৯ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সাফ্যলত ধেমাজি জিলাৰ লগতে সমগ্ৰ ৰাজ্য উৎফুল্লিত হৈ পৰিছে।

WBBF য়ে থাইলেণ্ডত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাখনত সমীৰ পালে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।

পূৰ্বতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবাৰো সফলতা বুটলিবলৈ সক্ষম হৈছিল ধেমাজিৰ সমীৰ পালে। প্ৰায় ২৫ বছৰ ধৰি শৰীৰ চৰ্চাৰ সৈতে জড়িত হৈ আহিছে সমীৰে।

সমীৰ পালৰ এইখনেই আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথমখন প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম খোজতে লাভ কৰা তেওঁৰ এই সফলতাত বহুতে তেওঁক ছচিলে মিডিয়াৰ জৰিয়তে অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে।