NORTHEAST NOW (Assamese)

চোৰাং কাঠ সৰবৰাহৰ কৰিডৰত পৰিণত ধলা-শদিয়া সেঁতু; শদিয়াত কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

October 10, 2019 8:18 am · মানস প্ৰতিম গগৈ
Updated: October 10, 2019 9:11 am

তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ ধলা এলেকাৰ কাঠ মাফিয়া চক্ৰ এটাই ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেঁতুখনক অৰুণাচলৰ চোৰাং কাঠ সৰবৰাহৰ কৰিডৰত পৰিণত কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

মঙলবাৰে, বিজয়া দশমীৰ নিশা সেঁতুখনৰ পৰা কিছু নিলগত শদিয়াৰ পুৰণি লখিমপুৰীয়া গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মাৰি চোৰাং কাঠভৰ্তি এ এছ ০১ ডি চি-২০৯৬ নম্বৰৰ এখন দহ চকীয়া ট্ৰাক দুৰ্ঘটনাত পতিত হয়।

বন বিভাগৰ বিৰুদ্ধে চোৰাং কাঠ মাফিয়াৰে গোপন বুজাবুজিৰ অভিযোগ সঘনাই উত্থাপিত হৈ অহাৰ সময়তে একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ সেউজ সংকেতত ধলাৰ কাঠ মাফিয়া চক্ৰৰ সদস্যই বিজয়া দশমীৰ দিনা ধলা-শদিয়া সেঁতুৱেদি অৰুণাচলৰ চোৰাং কাঠ বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লওঁতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হ’ল।

ট্ৰাকখনৰ চালকে চোৰাং কাঠভৰ্তি ট্ৰাকখন পথৰ দাঁতিতে এৰি থৈ পলায়ন কৰে। উল্লেখযোগ্য যে দহ চকীয়া ট্ৰাকখন যোৱা ৭ অক্টোবৰৰ নিশাই শদিয়াৰ অসম-অৰুণাচল সীমান্ত চূণপোৰা গেটেৰে অসমত প্ৰৱেশ কৰিছিল।

দুৰ্ঘটনাত পতিত ট্ৰাকখন শদিয়াৰ বনাঞ্চলিক বিষয়াই বিজয়া দশমীৰ নিশাই জব্দ কৰে যদিও বুধবাৰেহে দুৰ্ঘটনাস্থলীৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ পৰা জব্দ কৰা কাঠখিনিৰ সন্দৰ্ভত শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিত দিহিঙীয়াই তদন্ত আৰম্ভ কৰিছে।

ন-শদিয়া আৰক্ষী চকীৰ গাতে লাগি থকা ন-শদিয়া-চূণপোৰা সংযোগী অসম-অৰুণাচল সীমান্ত পথেৰে চোৰাং কাঠভৰ্তি উক্ত ট্ৰাকখন কিদৰে পাৰ হৈ আহিছিল তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি যোৱা ৫ৰ পৰা ৮ অক্টোবৰৰ ভিতৰত উক্ত আৰক্ষী চকীৰ সন্মুখেদি অৰুণাচলৰ চোৰাং কাঠভৰ্তি মুঠ ১১ খন ট্ৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বহিঃ ৰাজ্যলৈ যাত্ৰা কৰিছিল।

এইক্ষেত্ৰত সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত শদিয়াৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে কয় যে চোৰাং কাঠ সৰৱৰাহত জড়িত কাঠ মাফিয়াৰ বিৰুদ্ধে শদিয়াত বন বিভাগে অভিযান অব্যাহত ৰাখিছে।

Related News