NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বিলাসী অট্টালিকাৰ মূল্য কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2020 7:09 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী বি চি চি আইৰ চুক্তিৰ পৰা বাদ পৰিছে।

যোৱা ২০১৯ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পিছৰে পৰা ভাৰতীয় দল পৰা আঁতৰি থকা মাহীৰূপে খ্যাত মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ স্বভাৱসিদ্ধ ব্যতিক্ৰমী  কাম আৰু চিন্তাৰ বাবে সংবাদ মাধ্যমৰ চৰ্চালৈ আহি থাকে।

উল্লেখ্য যে, ২০১৯ৰ বিশ্বকাপৰ পিছতে ধোনীয়ে কাশ্মীৰত গৈ ভাৰতীয় সেনাৰ প্ৰশিক্ষণ শিবিৰত যোগ দিয়াৰ বাবে চৰ্চালৈ আহিছিল।
জাতীয় দলৰ পৰা আঁতৰি থাকিলেও ক্ৰিকেটাৰগৰাকীয়ে আই পি এলৰ নিজ দল চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰি আহিছে।

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক ধোনীৰ দেশে বিদেশে মিলিয়নসংখ্যক অনুৰাগী আছে।

বাইক ৰাইডিঙৰ প্ৰতি বিশেষ ৰাপ থকা ধোনীয়ে পৰিয়ালৰ সৈতে বাস কৰে অত্যাধুনিক এটা বিলাসী অট্টালিকতাত। তেওঁৰ কেবাখনো বিদেশী বিলাসী বাইক আছে।

ধোনীয়ে পূৰ্বেত ঝাৰখাণ্ডৰ ৰাজধানী ৰাঁচীৰ তিনিমহলীয়া ‘হাৰ্ম’ হাউছিঙত বাস কৰিছিল যদিও  বৰ্তমানে ‘কৈলাশপতি ’ নামৰ বিলাসী অত্যাধুনিক অট্টালিকাটোত বাস কৰে।

তেওঁৰ এই বিলাসবহুল অট্টালিকাটো আছে ৰাঁচীৰ ৰিং ৰোডৰ অতি আকৰ্ষণীয় স্থানত।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ধোনীৰ বিলাসী অট্টালিকাটোত এখন ইন্দ’ৰ ষ্টেডিয়াম থকাৰ লগতে আছে বিশ্বমানৰ অত্যাধুনিক ছুইমিং পুল। কেম্পাছৰ ভিতৰতে আছে নেট প্ৰেক্টিছৰ বাবে ফিল্ড আৰু আল্ট্ৰা মৰ্ডাণ জিম। আনহাতে পঞ্চতাৰকা হোটেলো আছে ধোনীৰ বিলাসী অট্টালিকাটোত।

ধোনীয়ে নিজে ডিজাইন কৰা অট্টালিকাটো প্ৰায় ৬ কোটি টকাৰ মূল্যৰ।

ধোনীয়ে পিতৃ-মাতৃৰ লগতে পত্নী সাক্ষী আৰু কন্যা জীভাৰ সৈতে ‘কৈলাশপতি’ত বাস কৰে।

উল্লেখ্য যে ধোনীৰ বৰ্তমানৰ সম্পত্তিৰ মূল্য হৈছে ১১১ মিলিয়ন আমেৰিকান ড’লাৰ।