NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ধোনীৰ পিতৃ-মাতৃ, চেন্নাই ছুপাৰ কিংছে ল’লে চিকিৎসাৰ দায়িত্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2021 3:46 pm
ক’ভিড-১৯ত আক্ৰান্ত হ’ল ধোনীৰ পিতৃ-মাতৃ, চেন্নাই ছুপাৰ কিংছে ল’লে চিকিৎসাৰ দায়িত্ব

টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী বৰ্তমান পূৰাদ্যমে আইপিএলত ব্যস্ত আছে।

তেওঁৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছে শেহতীয়াভাৱে আইপিএলৰ পইণ্ট তালিকাত শীৰ্ষস্থানত অৱস্থান কৰিছে।

সেইসময়তে কৰোণাত আক্ৰান্ত হৈছে তাৰকাগৰাকীৰ পিতৃ পান সিং আৰু মাতৃ দিৱাকী দেৱী।

দুয়োকে গৃহ চহৰ ৰাঁচীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে চেন্নাই ছুপাৰ কিংছৰ মূখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে জনোৱামতে, তাৰকাগৰাকীৰ পিতৃ-মাতৃৰ স্বাস্থ্য নিয়ন্ত্ৰিত অৱস্থাতে আছে।

তদুপৰি সমগ্ৰ বিষয়টো কিছু দিনৰ বাবে চেন্নাই ছুপাৰ কিংছে তত্বাৱধান কৰি থকা বুলিও তেওঁ জনায়।

ফ্লেমিঙে কয় যে তাৰকাগৰাকীৰ পৰিয়ালৰ দায়িত্বৰ প্ৰতি চেন্নাই ছুপাৰ কিংছ অৱগত আৰু এইক্ষেত্ৰত তেওঁক সহযোগ কৰি যাব।