NORTHEAST NOW (Assamese)
অসম

ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা, ধুবুৰীৰ সন্ধানহীন নাবালিকাক মহাৰাষ্ট্ৰত উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2022 10:00 am
Assam Police

ধুবুৰী আৰক্ষীয়ে এক সফল অভিযানৰ অন্তত সন্ধানহীন হৈ থকা এগৰাকী নাবালিকাক মহাৰাষ্ট্ৰৰ পালঘৰৰ পৰা উদ্ধাৰ কৰিছে।

ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱে জানিবলৈ দিয়ে যে গৌৰীপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক কপিল দাসৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ এটা বিশেষ দলে মহাৰাষ্ট্ৰৰ পালঘৰৰ পৰা নাবালিকা গৰাকীক উদ্ধাৰ কৰে।

নাবালিকা গৰাকীক প্ৰলোভিত কৰি অপহৰণ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে।

“এই সন্দৰ্ভত এজন অপৰাধীক মহাৰাষ্ট্ৰ আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু মহাৰাষ্ট্ৰৰ সংশ্লিষ্ট আদালতে অভিযুক্ত ব্যক্তিজনক জামিন প্ৰদান কৰিছে।” আৰক্ষীয়ে কয়।

“যোৱা তিনি মাহত ৰাজ্যৰ বাহিৰত চলোৱা ধুবুৰী আৰক্ষীৰ এইটো পঞ্চম সফল উদ্ধাৰ অভিযান। ইয়াৰ পূৰ্বে ৰাজস্থান, হাৰিয়ানা, পশ্চিম বংগৰ পৰা অপহৃত কিশোৰী-যুৱতীক উদ্ধাৰ কৰা হৈছিল।” আৰক্ষীয়ে লগতে কয়।

ধুবুৰীৰ আৰক্ষী অধীক্ষকে এই অভিযানে মানৱ সৰবৰাহৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ আপোচহীন আৰু নিৰন্তৰ যুদ্ধক মূৰ্ত কৰি তুলিছে বুলি মন্তব্য কৰে।

অপহৰণকাৰী অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল বুলি আৰক্ষীৰ এক বিজ্ঞপ্তিত কোৱা হৈছে।