NORTHEAST NOW (Assamese)
অসম

চাপৰ, চৈবাৰী আৰু কৃষ্ণ কলি চাহ বাগিচাত কিমানে পাইছে বিশুদ্ধ খোৱাপানী? বুজ ল’লে ধুবুৰীৰ উপায়ুক্ত আন্বামাথুনে

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ August 5, 2021 5:11 pm
kl

পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চৈবাৰী , কৃষ্ণ কলী আৰু চাপৰ চাহ বাগিচা অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ চলি থকা কাম কাজ সম্পৰ্কে বুজ লবলৈ ধুবুৰী জিলাৰ উপায়ুক্ত আন্বামাথুনে উক্ত অঞ্চল পৰিভ্ৰমণ কৰে। তেওঁ বতৰদল , কৃষ্ণকলী আৰু চৈবাৰী গীৰ্জা ঘৰৰ সমীপত অৱস্থিত ফলিমাৰী (এ) খোৱাপানী যোগান আচনি পৰিদৰ্শন কৰে।

ইয়াৰোপৰি অঞ্চলটোৰ কেবাগৰাকী হিতাধিকাৰী পৰিয়ালৰ গৃহত উপস্থিত হৈ এই আঁচনি তথা পৰিয়ালৰ সদস্যৰ লগত মত বিনিময় কৰি সুবিধা অসুবিধা সম্পৰ্কে বুজ লয় । উপায়ুক্তগৰাকীৰ এনে কাৰ্যত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

জানিব পৰা মতে ধুবুৰী জিলাৰ বিলাসীপাৰা উপ – সংমণ্ডল অধীনস্থ চাপৰ থানাৰ অন্তৰ্গত তিনিখন চাহ বাগিচাত জল জীৱন আঁচনিৰ সফল ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষৰ অহা ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনৰ চাহ বাগিচা এলেকাৰ প্ৰতিটো পৰিয়ালত নলাৰে বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সংশ্লিষ্ট সকলো বিভাগকে নিৰ্দেশ দিছে ।

জল জীৱন আঁচনিৰ অধীনত ঘৰে ঘৰে নলা যুক্ত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা এটি লেখত লবলগীয়া পদক্ষেপ বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

চাপৰ , কৃষ্ণ কলী আৰু চৈবাৰী চাহ বাগিচা অঞ্চলত উক্ত পানী যোগান আঁচনিৰ কাম পৰিদৰ্শন কালত উপায়ুক্ত আন্বামাথুনৰ লগত ধুবুৰী জিলাৰ উন্নয়ন আয়ুক্ত কান্তা দাস , বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি জয় শিৱানী ,চক্ৰ বিষয়া শান্তনু গগৈ , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ(বিলাসীপাৰা) সহকাৰী কাৰ্যবাহী অভিযন্তা জয়নাল আবেদন আহমেদ , শাখা বিষয়া (জনস্বাস্থ্য কাৰিকৰি ) কাজল কিৰণ বসুমতাৰী আদি উপস্থিত আছিল।

ইয়াৰোপৰি আছাৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ৰেজান হৰ , পঞ্চায়ত সভাপতি দ্বয় জুনুল বাগে আৰু লালদেৱ শায়েমা আদি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জানিব পৰা মতে উক্ত তিনি খন চাহ বাগিচা অঞ্চলত ১২০০ (এক হাজাৰ দুশৰো) অধিক হিতাধিকাৰীৰ গৃহত নলা (টেপ) সংযুক্ত কৰি খোৱা পানী যোগান ধৰা হব ।