NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় আৰক্ষীৰ হাতত আটক ড্ৰাগছ সৰবৰাহকাৰী; জব্দ ২৩ গ্ৰাম ব্ৰাউন চুগাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2019 8:25 pm
Drugs pedlar

ডিব্ৰুগড় আৰক্ষীয়ে বুধবাৰে নিশা চাৰিগৰাকী লোকক ২৩ গ্ৰাম ব্ৰাউন চুগাৰৰ সৈতে আটক কৰে।

আৰক্ষীয়ে আটক কৰা লোক কেইগৰাকী চোহাইল খান, অমিত ৰাৱাট, নানু হাজৰিকা আৰু হেমন্ত শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

বিগত সময়ছোৱাত ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

ডিব্ৰুগড় আৰক্ষীয়ে আগষ্ট মাহত ডিব্ৰুগড় চহৰৰ কলিবাৰী অঞ্চলৰ পৰা ১.১৪ কিলোগ্ৰাম হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছিল।

জব্দ কৰা হিৰোইন খিনিৰ মূল্য আছিল প্ৰায় ৭০ হাজাৰ টকা।

আনহাতে, ছেপ্টেম্বৰ মাহত ডিব্ৰুগড় আৰক্ষীয়ে এজন লোকৰ সৈতে ১৩.৫ কিলোগ্ৰাম ত্ৰিপুৰাৰ গাঞ্জা জব্দ কৰিবসৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, কেবল ডিব্ৰুগড় আৰক্ষীয়ে নহয় উত্তৰ-পূবৰ অন্য ৰাজ্য কেইখনৰ আৰক্ষীয়ো নিষিদ্ধ ড্ৰাগছৰ বিপক্ষে কঠোৰ অভিযান আৰম্ভ কৰিছে।