NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত চিকিৎসকৰ ঘৰত বনকৰা মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ; উদ্ধাৰ নগদ ১৬.৩৩লাখ টকা

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী August 8, 2021 11:16 am
WhatsApp Image 2021-08-08 at 10.49.19 AM

ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে চহৰখনৰ এগৰাকী চিকিৎসকৰ ঘৰত বনকৰা মহিলাৰ বাসগৃহৰ পৰা ১৬.৩৩লাখ টকা উদ্ধাৰ কৰে।

পাছত আৰক্ষীয়ে এই ঘটনাত জড়িত বনকৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা বনকৰা মহিলাগৰাকীক ডিব্ৰুগড়ৰ দুৰ্গাবাৰী অঞ্চলৰ ৰুমেনা বেগম বুলি চিনাক্ত কৰা হৈছে।

ডাঃ পৰমানন্দ দাস নামৰ চিকিৎসকগৰাকীয়ে ডিব্ৰুগড় থানাত দাখিল কৰাঅভিযোগৰ ভিত্তিত বনকৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ মতে, ডিব্ৰুগড়ৰ জালান নগৰৰ এগৰাকী বাসিন্দা চিকিৎসকগৰাকীয়ে তেওঁৰ ঘৰত বনকৰা মহিলাগৰাকীয়ে তেওঁৰ ঘৰৰ পৰা টকা চুৰি কৰাৰ সন্দেহ কৰি মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

সেই অনুসৰি, আৰক্ষীয়ে এক অনুসন্ধান চলায় আৰু ডিব্ৰুগড়ৰ দুৰ্গাবাৰী অঞ্চলত বনকৰা মহিলা ৰুমেনা বেগমে থকা ভাড়াঘৰত তালাচী চলাই নগদ ধনখিনি উদ্ধাৰ কৰে।

‘’যোৱা দুবছৰ ধৰি বনকৰা মহিলাগৰাকী এই ঘৃণনীয় কামত লিপ্ত আছিল। প্ৰত্যেক দিনে তেওঁ ২০,০০০ৰ পৰা ৩০,০০০টকা লৈ গৈছিল। মই মোৰ লকাৰত টকাখিনি ৰাখিছিলো। মই সন্দেহ কৰিছিলো আৰু ৰুমটোত এটা মোবাইল ৰাখিছিলো য’ত বনকৰা মহিলাগৰাকীয়ে লকাৰৰ পৰা টকা লৈ যোৱাটো কেমেৰাত আৱদ্ধ হৈছিল,’’-ডাঃ দাসে কয়।

‘’আমি এতিয়াই একো ক’ব নোৱাৰো কিয়নো আমি ঘটনাটোত অভিযুক্ত  মহিলাগৰাকীক জেৰা চলাই আছো। আমি তেওঁৰ ঘৰৰ পৰা ১৬.৩৩লাখ টকা উদ্ধাৰ কৰিছো,’’- এগৰাকী আৰক্ষী বিষয়াই কয়।