NORTHEAST NOW (Assamese)
অসম

অশ্লীল ভিডিঅ’ আপল’ড কৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী July 3, 2020 6:54 pm
Dibrugarh University assistant professor arrested for uploading obscene video in websites

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকক অশ্লীল ভিডিঅ’ ৱেবছাইটত আপল’ড কৰাৰ অভিযোগত আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ এজাহাৰৰ ভিত্তিত গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজিত চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা অধ্যাপকজনে ইতিমধ্যে আৰক্ষীৰ আগত তেওঁ অশ্লীল ভিডিঅ’ বনোৱা আৰু কিছুমান ৱেবছাইটত আপল’ড কৰাৰ কথা স্বীকাৰ কৰিছে।

“তেওঁ স্বীকাৰ কৰিছে যে ভিডিঅ’টো তিনি বছৰ পূৰ্বে তেওঁ গুৱাহাটীৰ এখন হোটেলত বনাইছিল। আমি তেওঁৰ ম’বাইল ফ’ন, লেপটপ আৰু ভিডিঅ’টো বনাবলৈ ব্যৱহাৰ কৰা কেমেৰাটো জব্দ কৰিছো,” ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টিয়ে কয়।

ডিব্ৰুগড় আৰক্ষী থানাৰ গোচৰ (নং ১০৪৪/২০২০)ত ভাৰতীয় দণ্ড বিধিৰ ২৯৪এ/৫০০/৫০৬ আৰু আই টি এক্তৰ ৬৭এ ধাৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হৰিশ চন্দ্ৰ মহন্তই জনোৱা মতে বিষয়টো সন্দৰ্ভত সহকাৰী অধ্যাপকজনৰ পৰা কৈফিয়ৎ বিচৰা হৈছিল।

“তেওঁৰ উত্তৰৰ সন্তুষ্ট নহৈ আমি কালি এজাহাৰ দাখিল কৰিলো,” পঞ্জীয়ক মহন্তই কয়।

পঞ্জীয়কগৰাকীয়ে লগতে জনাই যে এই সন্দৰ্ভত অভ্যন্তৰীণ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

“বিশ্ববিদ্যালয় নিৰ্দেশনাৱলী অনুসৰি ৪৮ ঘণ্টাৰ ভিতৰত তেওঁৰ নিলম্বন বা অন্যান্য বিভাগীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা হ’ব,” পঞ্জীয়কে জনায়।

ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই ঘটনাটোৰ তীব্ৰভাৱে সমালোচনা কৰিছে আৰু আৰক্ষীক আইন অনুসৰি ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

“আমি তেওঁক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোমোৱাৰ অনুমতি নিদিওঁ। বিশ্ববিদ্যালয়ত তেওঁক চিৰজীৱনৰ বাবে বয়কট কৰা উচিত,” এজন ছাত্ৰই কয়।