NORTHEAST NOW (Assamese)
অসম

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা; চৌহদত শোকৰ ছাঁ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী November 10, 2019 9:10 am
suicide

দুটা পৃথক ঘটনাত শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰই মৃত্যুক আঁকোৱালি লয়।

প্ৰথমটো ঘটনাত বিশ্ববিদ্যালয়খনৰ সপ্তম ষান্মাসিকৰ এগৰাকী ছাত্ৰই চিপ লৈ আত্মহত্যা কৰাৰ বিপৰীতে আন এগৰাকী ছাত্ৰ পাছিঘাটত পানীত উটি যায়।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে ধেমাজিৰ লক্ষ্যজ্যোতি গগৈ নামৰ ছাত্ৰজনৰ মৃতদেহ শনিবাৰে ৰাতিপুৱা বিশ্ববিদ্যালয় চৌহদৰ সমীপৰ এটা ব্যক্তিগত হোষ্টেলৰ পৰা চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

ব্যক্তিগত হোষ্টেলটোৰ স্বত্ত্বাধিকাৰী ৰাজু বৰুৱাই ঘটনাটো সম্পৰ্কে আৰক্ষীক অৱগত কৰিছিল।

ছাত্ৰগৰাকীয়ে পদাৰ্থবিদ্যা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে তেওঁ বিগত কেইবা সপ্তাহ ধৰি উদ্বিগ্নতা আৰু মানসিক চিন্তাত ভূগি আছিল।

‘’আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ ৰাজু বৰুৱাৰ ব্যক্তিগত হোষ্টেলটোৰ পৰা লক্ষ্যজ্যোতি গগৈৰ মৃতদেহটো উদ্ধাৰ কৰিছো। আমি শৱটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছো,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।

আৰক্ষীয়ে ছাত্ৰগৰাকীৰ কোঠাৰ পৰা কোনো আত্মহত্যাৰ টোকা উদ্ধাৰ কৰা নাই।

‘’আমি এতিয়া মৃত্যুৰ কাৰণ জানিব পৰা নাই। তেওঁ হতাশাত ভূগি আছিল বুলি আমি সন্দেহ কৰিছো,’’-আৰক্ষী বিষয়াগৰাকীয়ে কয়।

ইপিনে, আন এক ঘটনাত বিশ্ববিদ্যালয়খনৰ এল এল বি পাঠ্যক্ৰমৰ এগৰাকী ছাত্ৰ শনিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাটত ছিয়াং নৈত গা ধূবলৈ নামোতে পানীৰ তীব্ৰ সোঁতত উটি যায়।

বিদ্যুৎ বিকাশ দত্ত নামৰ ছাত্ৰগৰাকীয়ে সমনীয়াৰ সৈতে পাছিঘাটলৈ বনভোজ খাবলৈ গৈছিল।

দুগৰাকীকৈ ছাত্ৰ এনে আকস্মিক মৃত্যুত বিশ্ববিদ্যালয়খনত শোকৰ ছাঁ পৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ ডেভিড হাজৰিকাই কয়,’’এইটো আমাৰ বাবে এটা বৰ দুখৰ দিন। আজি আমাৰ বিশ্ববিদ্যালয়খনৰ দুগৰাকীকৈ ছাত্ৰ হেৰুৱালো।‘’

উল্লেখ্য যে যোৱা ১৭ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়খনৰ এগৰাকী ২১ বছৰীয়া ছাত্ৰীয়ে হোষ্টেল চৌহদৰ ভিতৰতে আত্মহত্যা কৰিছিল।

ইংৰাজী বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ তৃতীয় ষান্মাসিকৰ ছআত্ৰী ৰিংকি দত্তই হোষ্টেলৰ কোঠাৰ ভিতৰতে চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল।