NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীক প্ৰাণে মৰা ভাবুকি; লেখাপানী থানাত এজাহাৰ দাখিল

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 7, 2020 6:10 pm
Rahul Chetry

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক তথা গোৰ্খা যুৱ পৰিসংঘ অসমৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীক ফোন যোগে প্ৰাণে মৰাৰ ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কোনো অচিনাকি দুৰ্বৃত্তই ৮৭৩২০৩৭১৮৬ নম্বৰৰ পৰা বুধবাৰে নিশা ফোন কৰি ৰাহুলক মৃত্যুৰ ভাবুকি দিয়ে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সক্ৰিয়ভাবে জড়িত আছিল ৰাহুল ছেত্ৰী।

ৰাহুল ছেত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, ফোন কলটোত তেওঁক কোৱা হৈছিল যে, তুমি যি পদত আছা তাতেই সন্তুষ্ট থাকা বেছি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে শাস্তি মৃত্যু হ’ব ।

ঘটনা সন্দৰ্ভত ৰাহুল ছেত্ৰীয়ে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাত আজি এখন এজাহাৰ দাখিল কৰে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰাৰ কাৰণে বিগত সময়ত ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুলক আটক কৰিছিল লগতে নিয়াৰ জেৰাৰো সন্মুখীন হৈছিল তেও।

সমগ্ৰ ঘটনাক এক ৰাজনৈতিক ষড়যন্ত্ৰ হ’ব পাৰে বুলি সন্দেহ কৰিছে ছাত্ৰ নেতা গৰাকীয়ে।

এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতাক প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্য্যই সচেতন ছাত্ৰ সমাজৰ মাজত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এইক্ষেত্ৰত আৰাক্ষীয়ে কেনেধৰণৰ তদন্ত আৰম্ভ কৰে সেইয়া লক্ষণীয় হ’ব।