NORTHEAST NOW (Assamese)
অসম

“দেশত এতিয়া একনায়কত্ববাদী শাসন চলিছে”- কোনে কি প্ৰসঙ্গত কৰিলে এই মন্তব্য!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2021 12:58 pm
Rahul Gandhi hits out at Yogi government

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষকৰ ওপৰত চলোৱা হত্যালীলাৰ পাছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে ৰাহুল গান্ধী।

কংগ্ৰেছ নেতা গৰাকীয়ে বুধবাৰে অভিযোগ কৰিছে যে দেশত এতিয়া একনায়কত্ববাদী শাসন চলিছে। দেশৰ কৃষকসকলৰ ওপৰত এতিয়া প্ৰণালীবদ্ধভাৱে অত্যাচাৰ চলোৱা হৈছে।

কৃষকৰ ওপৰত নিগ্ৰহ চলোৱাৰ পিছত এতিয়া একনায়কত্ববাদী আচৰণেৰে ৰাজনীতিবিদসকলক লখিমপুৰ খেৰীৰ ঘটনাত নিহত সকলৰ পৰিয়ালক লগ কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে অনুমতি দিয়া হোৱা নাই বুলি অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে।

এখন সংবাদমেল সম্বোধন কৰি গান্ধীয়ে কয় যে তেওঁ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ সৈতে হিংসাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক লগ কৰিবলৈ লখিমপুৰ খেৰী ভ্ৰমণ কৰিবলৈ চেষ্টা কৰিব।

ইফালে লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত ডি কে ঠাকুৰে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে গান্ধীৰ ভ্ৰমণৰ বাবে অনুমতি দিয়া নাই আৰু তেওঁক সীতাপুৰ বা লখিমপুৰলৈ যাবলৈ অনুমতি দিয়া নহ’ব।

“সংশ্লিষ্ট জিলা আয়ুক্তসকলে আমাক লিখিতভাৱে নিৰ্দেশ যে ৰাহুল গান্ধীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু তেওঁৰ ভ্ৰমণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে তেওঁক অনুমতি দিয়া নহ’ব,” ঠাকুৰে কয়।

ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে কৃষকসকলক হত্যা কৰা হৈছে আৰু এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁৰ পুত্ৰৰ নাম স্পষ্ট ভাৱে অভিযুক্ত বুলি অভিযোগ উঠাৰ পিছতো কোনো ব্যৱস্থা লোৱা হোৱা নাই।

দেশৰ কৃষকসকলক প্ৰণালীবদ্ধভাৱে আক্ৰমণ কৰা হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে ভাৰতবৰ্ষত আগতে গণতন্ত্ৰ আছিল, কিন্তু এতিয়া একনায়কত্ববাদী শাসন আছে।

“কালিৰ পৰা আমাক কোৱা হৈছে যে আমি উত্তৰ প্ৰদেশলৈ যাব নোৱাৰো।” গান্ধীয়ে কয়।

উল্লেখ্য যে, লখিমপুৰ খেৰীত দেওবাৰে সংঘটিত হিংসাত্মক ঘটনাত চাৰিজন কৃষকৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই গাড়ীৰে কৃষকসকলক মহতীয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কিন্তু এতিয়ালৈকে কোনো অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।

দেওবাৰৰ হিংসাত্মক ঘটনাৰ পিছত লখিমপুৰ খেৰীত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে আৰু ঘটনাৰ বুজ ল’বলৈ লখিমপুৰ ভ্ৰমণ কৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী সোমবাৰৰ পৰা সীতাপুৰত গৃহবন্দী হৈ আছে।

ইফালে ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে বুধবাৰে সীতাপুৰত উপস্থিত হ’ব বুলি কংগ্ৰেছৰ দলীয় সূত্ৰই জানিবলৈ দিয়ে।