NORTHEAST NOW (Assamese)
অসম

সঁচাকৈয়ে টোপনি মাৰিছিল নে বিধায়ক অখিল গগৈয়ে? সদন ত্যাগ কৰি আহি কি ক’লে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 13, 2021 8:38 pm

আজি সদনৰ মজিয়াত টোপনি মাৰি থকা দেখিবলৈ পোৱা গৈছিল সক্ৰিয় তথা চৰ্চিত বিধায়ক অখিল গগৈক। কিন্তু প্ৰকৃততে টোপনি মাৰিছিল নে বিধায়কগৰাকীয়ে?

এই সন্দৰ্ভত আজি সদন ত্যাগ কৰি আহি বিধায়ক গগৈয়ে কয় ‘মই টোপনি মৰা নাছিলো। মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰতিবাদ কল্পে মই চকু মুদি আছিলো টোপনি মৰা নাছিলো। তেওঁৰ বক্তব্য আওকাণ কৰি আছিলো।‘

তেওঁ আৰু কয় ‘যি সদনত মুখ্যমন্ত্ৰীয়ে কাৰোবাক সুধি লৈ অসম আৰু কাষৰীয়া ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰিম বুলি কয়, এয়া অসমৰ মাটি অন্য ৰাজ্যক দি দিয়াৰ কৌশল নহয় জানো? এয়া আত্মসমৰ্পনৰ কৌশল নহয় জানো? সেই কথা মই শুনি কেতিয়াও থাকিব নোৱাৰো। সেয়ে আওকাণ কৰি চকু জপাই প্ৰতিবাদ কৰিছিলো।‘

ইপিনে, সদন ত্যাগ কৰাৰ কাৰণ বাখ্যা কৰি অখিলে কয় ‘গো-সুৰক্ষা বিধেয়ক যদিও মুছলমান বিদ্বেষৰ বাবে অনা হৈছে কিন্তু এই বিধেয়কৰ পৰা অসমৰ দৰিদ্ৰ কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। জনজাতীয় কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। তাৰ প্ৰতিবাদত মই সদন ত্যাগ কৰিলো।‘

‘এই বিলৰ সংশোধনী কেতিয়াও বিচাৰিব নালাগে। এই বিলৰ সম্পূৰ্ণ বিৰোধিতা কৰিবলৈ অধ্যক্ষক অনুমতি বিচাৰিছিলো যদিও অনুমতি নিদিলে।‘ অখিলে লগতে কয়।

আজিৰ দিনটো অসমৰ সংসদীয় ইতিহাসৰ আটাইতকৈ ক’লা দিন বুলি উল্লেখ কৰি অখিলে লগতে কয় ‘আজি সদনত আটাইতকৈ সাম্প্ৰদায়িক বিধেয়কখন পাছ হৈছে’।