NORTHEAST NOW (Assamese)
Popular Stories

পহলগাম কাণ্ড সংঘটিত কৰা সন্ত্ৰাসবাদী শ্ৰীলংকালৈ পলাল নেকি? কলম্বো বিমানবন্দৰত ব্যাপক তালাচী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2025 10:49 am

পহলগামত আক্ৰমণ কৰা সন্ত্ৰাসবাদী লুকাবলৈ শ্ৰীলংকালৈ ৰাওনা হৈছে! এই কথা সেই দেশৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে। সূত্ৰ অনুসৰি ভাৰতীয় চোৰাংচোৱাৰ পৰা পোৱা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শ্ৰীলংকা আৰক্ষীয়ে কলম্বো বিমানবন্দৰত অভিযান চলাইছিল।আৰু বৰ্তমান সময়টো অনুসন্ধান চলি আছে।

শ্ৰীলংকা এয়াৰলাইন্সে এক বিবৃতিত কয় যে, “শনিবাৰে পুৱা ১১:৫৯ বজাত চেন্নাইৰ পৰা এখন বিমান (ইউ এল ১২২) কলম্বোৰ বাণ্ডাৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। বিমানখনত কোনো সন্ত্ৰাসবাদী আত্মগোপন কৰি থাকিব পাৰে বুলি সকীয়াই দিয়ে চেন্নাই এৰিয়া কণ্ট্ৰল চেণ্টাৰে। ইয়াৰ পাছতে নিৰাপত্তাৰক্ষীয়ে বিমানখনত তালাচী চলায়। সূত্ৰ অনুসৰি এই অভিযানত শ্ৰীলংকা আৰক্ষী আৰু শ্ৰীলংকাৰ বায়ুসেনাও জড়িত আছিল। অৱশ্যে কোনো সন্দেহজনক ব্যক্তিৰ কোনো সন্ধান পোৱা নগল।”

এই সন্দৰ্ভত শ্ৰীলংকাৰ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে, “চেন্নাইৰ পৰা অহা বিমানখনত পহলগাম আক্ৰমণৰ ছয়জন ‘সন্দেহযুক্ত’ সন্ত্ৰাসবাদী থকাৰ কথা ভাৰতীয় চোৰাংচোৱাই আমাক সতৰ্ক কৰি দিছিল। ইয়াৰ পাছত আমি তালাচী চলাইছিলো।”