NORTHEAST NOW (Assamese)
অসম

২০২৪ৰ লোকসভা নিৰ্বাচনত পুনৰ খেল হ’ব,প্ৰধানমন্ত্ৰী হোৱাৰ মোৰ কোনো বাসনা নাই: মমতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2021 10:31 am
mamta

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী দলসমূহ ঐক্যবদ্ধ হ’ব লাগিব।

এই মন্তব্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মমতাই কয় যে বিৰোধী দলৰ নেতাসকলে এতিয়া এটা দিনো অথলে যাবলৈ দিয়াটো উচিৎ নহ’ব।

মমতাই কয়’ বিৰোধী দলৰ সকলো নেতাই ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি ঐক্যবদ্ধ কৰাৰ সময় আহি পৰিছে। নহ’লে দেশবাসীয়ে আমাক ক্ষমা নকৰিব। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে বিৰোধী দলসমূহে ঐক্যবদ্ধ মৰ্চা গঠন কৰিব লাগিব’।

বিজেপিক শাসনৰ পৰা আঁতৰাই পঠিয়াবলৈ ২০২৪ ত পুনৰ খেলা হ’ব বুলিও মমতাই মন্তব্য কৰে।

মোদীক উপলক্ষ্য কৰি মমতাই কয়’ বেয়া নাপাব মোদী ডাঙৰীয়া, মৰম-চেনেহ কামৰ কথাত ফুটি উঠে, মন কী বাতত নহয়’।

উল্লেখ্য মমতাই বিজেপি বিৰোধী মৰ্চা গঠনৰ বাবে এনচিপিৰ নেতা শাৰদ পাৱাৰ, কংগ্ৰেছৰ নেতা পি চিদাম্বৰম,দিগ্বিজয় সিং, সমাজবাদী দলৰ সাংসদ জয়া বচ্চন,ডিএমকেৰ সাংসদ তিৰুচি শিৱা,আৰজেডিৰ মনোজ ঝা, আপৰ সঞ্জয় সিং আদি নেতাসকল শীঘ্ৰে নতুন দিল্লীলৈ গৈ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে।

মমতাই অৱশ্যে এই কথাও স্পষ্ট কৰি দিয়ে যে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো বাসনা তেওঁৰ নাই।