NORTHEAST NOW (Assamese)
অসম

ডিজেলৰ মূল্য বৃদ্ধি, মতা গৰুৰ বিতৰ্কই বিপাঙত পেলাইছে কৃষকক; চৰকাৰলৈ সহায়ৰ আহ্বান

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 24, 2021 10:16 am
Farmers appeals

এফালে ডিজেলৰ আকাশলংঘী দাম আনফালে মতা গৰুৰ জন্মৰ নিষেধাজ্ঞাই বিপাঙত পেলাইছে কৃষকক।

এটা সময়ত এবিঘা মাটিত টেক্টৰেৰে হাল বাওতে ডিজেলকে ধৰি আনুসংগিক খৰচ হৈছিল ৬০০ টকাৰ পৰা ৮০০ টকা।

কিন্তু বৰ্তমান ডিজেলৰ দাম বৃদ্ধিৰ ফলত এই খৰচ দুগুণ বৃদ্ধি পোৱাত এতিয়া বিপাঙত পৰিছে কৃষকসকল।

তদুপৰি শেহতীয়াকৈ অসম চৰকাৰে মতা গৰুৰ জন্ম নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই গৰুৰে হাল বাই কৃষি কৰ্ম কৰা খেতিয়ক সকলৰ জীৱনলৈ অশনি সংকেত মাতি অনাৰ আশংকাই দেখা দিছে।

জলসিঞ্চনৰ অভাৱৰ বাবে আজিও বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা কৃষকে সময়ত নাপায় সাৰ।

শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৃষি খণ্ডৰ উন্নয়নৰ সপোন দেখুওৱা চৰকাৰী বিষয়াসকলৰ বাস্তৱমুখী পৰিকল্পনাৰ অভাৱৰ কথা উল্লেখ কৰি টীয়কৰ কৃষকৰ আহ্বান পথাৰ সমূহ পৰ্যবেক্ষণ কৰি প্ৰস্তুত কৰক আচঁনি আৰু কৃষকক উৎসাহিত কৰিব পৰাকৈ গ্ৰহণ কৰক কাৰ্যব্যৱস্থা।