NORTHEAST NOW (Assamese)
অসম

‘তোমাৰ স্বামীয়ে দেশমাতৃৰ সন্মান দৃঢ় কৰিছে’; চিয়াচেনত নিয়োজিত ভাৰতীয় সেনাৰ মণিপুৰী জোৱানৰ পত্নী লৈ ৰাজনাথ সিঙৰ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2019 12:13 pm
rajnath-siachen

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে চিয়াচেনত কৰ্তব্যৰত হৈ থকা ভাৰতীয় সেনাবাহিনীৰ মণিপুৰৰ এগৰাকী জোৱানৰ পত্নীলৈ পত্ৰ লিখি তেওঁৰ স্বামীৰ অৱদান আৰু ত্যাগক উচ্চ ভাষাৰে প্ৰশংসা কৰে।

ভাৰত আৰু পাকিস্তান সীমান্তত অৱস্থিত পৃথিৱীৰ দুৰ্গম স্থানসমূহৰ ভিতৰত অন্যতম চিয়াচেন সীমান্তত প্ৰহৰী হিচাপে দায়িত্ব পালন কৰি থকা জোৱান গৰাকী হ’ল মণিপুৰৰ হাবিলদাৰ বনলালচাংলিয়ান

চলিত বৰ্ষৰ জুন মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৃথিৱীৰ উচ্চতম যুদ্ধ ক্ষেত্ৰ চিয়াচেন হিমবাহ ভ্ৰমণ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ সময়ত তেওঁ চিয়াচেনত নিয়োজিত হৈ থকা সেনা বাহিনীৰ জোৱান সকলৰ ত্যাগ আৰু দেশৰ প্ৰতি সমৰ্পিত মনোভাৱক প্ৰশংসা কৰে।

‘‘তোমাৰ স্বামী বনলালচাংলিয়ানৰ সৈতে মিলিত হ’বলৈ পাই মই ধন্য, তেওঁ পৃথিৱীৰ এক দুৰ্গম অঞ্চলত দেশৰ সীমান্তৰ জাগ্ৰত প্ৰহৰী হিচাপে থাকি দেশমাতৃৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়াই আছে’’, ৰাজনাথ সিঙে মণিপুৰৰ হাবিলদাৰ বনলালচাংলিয়ানৰ পত্নী মাৰ্চি নগুলিয়াংকিমলৈ লিখা পত্ৰখনত এনেদৰে লিখে।

‘‘দেশৰ সেনা বাহিনীক লৈ আমি গৌৰৱ অনুভৱ কৰো।তোমাৰ স্বামীয়ে দেশৰ বাবে আগবঢ়াই অহা সেৱাৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছো’’, ৰাজনাথ সিঙে পত্ৰত লিখে।

অসামৰিক অঞ্চল হিচাপে থকা চিয়াচেন হিমবাহ ১৯৮৪ চনত ‘অপাৰেশ্যন মেঘদূত’ৰ জৰিয়তে ভাৰতৰ কূটনৈতিক নিয়ন্ত্ৰণলৈ আহে।

চিয়াচেন পৰা বিবাদমান চীন অধিকৃত অক্ষয় চীন অঞ্চলত নজৰ ৰাখিব পাৰি।