NORTHEAST NOW (Assamese)
অসম

ধিক! গোসাঁইগাঁৱত তিনি পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল বিশেষভাবে সক্ষম মহিলা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 15, 2024 7:16 pm
ধিক! গোসাঁইগাঁৱত তিনি পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল বিশেষভাবে সক্ষম মহিলা

এইবাৰ অসমৰ বড়োভূমিত সংঘটিত হৈছে আন এক লোমহৰ্ষক ধৰ্ষণকাণ্ড।

খবৰ অনুসৰি, এগৰাকী বিশেষভাবে সক্ষম মহিলাক তিনি পাষণ্ডই মিলি ধৰ্ষণ কৰে।

গোসাঁইগাঁৱত সংঘটিত হৈছে এই ঘটনা।

লাভ কৰা তথ্য অনুসৰি যোৱা ১০ অক্টোবৰৰ সন্ধিয়া মুকলেছুৰ ৰহমান নামৰ এজন লোকে মিছা কথা কৈ ভুক্তভোগী মহিলাগৰাকীক নিজৰ ঘৰলৈ লৈ যায় আৰু তাৰপিছত দুজন বন্ধুৰ সৈতে এই জঘন্য অপৰাধ সংঘটিত কৰে।

এই খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে মূল অভিযুক্ত মুকলেছুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে আন দুই পাষণ্ড এতিয়াও পলাতক।

এই ঘটনাৰ পিছত স্থানীয় অঞ্চলৰ লোকসকল উত্তেজিত হৈ পৰে। ভুক্তভোগীৰ ন্যায় আৰু অপৰাধীৰ কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় লোক, দল সংগঠন আৰু মহিলা অধিকাৰ সুৰক্ষা সমিতিয়ে।