NORTHEAST NOW (Assamese)
অসম

কাৰ্যবাহী সদস্যক দক্ষতা সম্পন্ন কৰা লক্ষ্যৰে বি টি আৰ সচিবালয়ত দিকদৰ্শন অনুষ্ঠান

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী February 12, 2021 6:33 pm
কাৰ্যবাহী সদস্যক দক্ষতা সম্পন্ন কৰা লক্ষ্যৰে বি টি আৰ সচিবালয়ত দিকদৰ্শন অনুষ্ঠান

প্ৰমোদ বড়ো নেতৃত্বধীন বি টি আৰ চৰকাৰৰ নিৰ্বাচিত প্ৰতিনিধি অৰ্থাৎ কাৰ্যবাহী সদস্য সকলক সংসদীয় আৰু প্ৰশাসনিক দিশত দক্ষতা সম্পন্ন কৰা উদ্দেশ্য আগত ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে দিকদৰ্শন অনুষ্ঠান অনুষ্ঠিত হয়।

বি টি আৰৰ অধ্যক্ষ কাটিৰাম বড়ো, উপ প্ৰধান গোবিন্দ চন্দ্ৰ বসুমতাৰী সহ কাৰ্যবাহী সদস্য সকলে অংশ লোৱা অনুষ্ঠানত বিশেষজ্ঞ হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা অধ্যক্ষ পৃথিৱী মাঝী, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড0 অৰূপ জ্যোতি চৌধুৰী আৰু গুৱাহাটী ৰুদ্ৰ জন সংযোগ বিশেষজ্ঞ সুচাংখ গুপ্ত কাশ্যপ।

অনুষ্ঠানত বিশেষজ্ঞ হিচাপে উপস্থিত থাকি পৃথিৱী মাঝীয়ে সংসদীয় সদনত অধ্যক্ষৰ ভুমিকা আৰু শক্তি ওপৰত বিষদভাৱে আলোকপাত কৰে।

একেদৰে, সংসদীয় সদনত কাৰ্যবাহী সদস্য তথা পৰিষদীয় সদস্য সকলে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে সেই বিষয়ত অৰূপ জ্যোতি চৌধুৰীয়ে বিষদভাৱে বৰ্ণনা কৰে।