NORTHEAST NOW (Assamese)

মন্ত্ৰী কেশৱ মহন্তক জৰাজীৰ্ণ দলং মেৰামতিৰ অনুৰোধ জনাই ভাগৰি পৰিছে এইখন গাঁৱৰ ৰাইজ

May 31, 2020 12:53 pm · ভাৰ্গব হাজৰিকা

নগাঁও জিলাৰ চামগুৰিৰ নৈ পৰীয়া উত্তৰ ভেলৌগুৰি গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে অঞ্চলটোৰ ৰাইজে এতিয়া জীয়াতু ভোগিব লগা হৈছে।

কলিয়াবৰৰ চোলোঙৰ পৰা চামগুৰিৰ লাওঁখোৱা সংযোগী মথাউৰিত থকা অতি গুৰুত্বপূৰ্ণ এই দলংখনৰ মূল খুটা সমূহ মেৰামতিৰ অভাৱত পচী যোৱাৰ লগতে ছিঙি গৈছে লোৰ জোৰাবিলাক।

ফলত যিকোনো মূহুৰ্ত্বতে দলংখন ভাঙি পৰিব পাৰে বুলি গাঁওবাসীয়ে আশংকা কৰিছে।

উল্লেখযোগ্য যে লাওঁখোৱাৰ টুপুকি ঝাৰণি পঞ্চায়তৰ অধীনত পৰা উক্ত দলংখনৰ ওপৰেদি বিগত সময়ছোৱাত বিভিন্ন লোক পাৰ হ’বলৈ গৈ সৰু-বৰ দুৰ্ঘটনাত পতিত হৈছে। ফলত দুবছৰ ধৰি স্থানীয় ৰাইজে বাঁহ বান্ধি বন্ধ কৰি ৰাখিছে দলংখন।

সম্প্ৰতি ৰাইজে দলংখনৰ তলেৰে যাতায়তৰ বাবে অস্থায়ীভাবে এটা লুংলুঙীয়া বাট উলিয়াই লৈছে যদিও বাৰিষাৰ সময়ত সেই বাটেৰে অহা যোৱা কৰাটো সম্ভৱ নহয়।

ভুক্তভোগি ৰাইজে শেহতীয়াকৈ নিকটৱৰ্ত্তী কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক দলংখন পুনৰ মেৰামতি তথা পকীকৰণ কৰিবৰ বাবে অনুৰোধ জনাই আহিছে যদিও মন্ত্ৰী গৰাকীয়ে ৰাইজৰ দুখ-কষ্টৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

Related News