NORTHEAST NOW (Assamese)
অসম

ইমনা মেৰেন ইমছঙলৈ ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’

Posted by: এন ই নাও নিউজ February 10, 2019 10:23 pm
Dinanath Pandey smart innovation award conferred to Imona Meren Imsong

নাগালেণ্ডৰ উদ্ভাৱক ইমনা মেৰেন ইমছঙক প্ৰদান কৰা হৈছে ২০১৯ বৰ্ষৰ ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’।

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত আয়োজিত ‘উদ্ভাৱন উৎসৱ’ৰ দুদিনীয়া কাৰ্যসূচীত দেওবাৰে এই বঁটা প্ৰদান কৰে অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।বঁটাপ্ৰাপক ইমছঙৰ ঘৰ নাগালেণ্ডৰ চুহয় গাঁৱত।

৯ আৰু ১০ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত উৎসৱটোত উত্তৰ-পূবৰ ৰাজ্যসমূহ আৰু পশ্চিম বংগৰ ৪০টা উদ্ভাৱনী প্ৰকল্প প্ৰদৰ্শিত হৈছিল।

বঁটা বিতৰণী অনুষ্ঠানটোত বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক সমন্বয়ক বাসুদেৱ মণ্ডলো উপস্থিত আছিল।

প্রয়াত পাণ্ডেৰ স্মৃতিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰই প্ৰতি বছৰে নতুন উদ্ভাৱকক এই বঁটাটো প্ৰদান কৰি আহিছে।