NORTHEAST NOW (Assamese)
অসম

সময়ত খাবলৈ নাপাই ভোজনালয় লণ্ডভণ্ড কৰিলে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে

Posted by: মৃদুল প্ৰীতম ডেকা December 4, 2018 8:26 pm
Dining Hall Vendalized

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ কেইঘণ্টামান পূৰ্বে আজি আমিন গাওঁস্থিত কামৰূপ জিলা নিৰ্বাচন শাখা চৌহদত অথন্তৰ ঘটাইছে নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে। আজি সময়ত খাদ্য নোপোৱা বাবে জিলা নিৰ্বাচনৰ শাখা কাৰ্য্যালায়টোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিষয়া-কৰ্মচাৰীসকলে।

বিষয়া-কৰ্মচাৰীসকলে অভিযোগ কৰা মতে, তেওঁলোকক খাদ্য যোগান ধৰাৰ কামত নিয়োজিতসকলে সময়ত খাদ্যৰ যোগান ধৰা নাই। ইপিনে তেওঁলোকে সোনকালে নিজৰ নিজৰ নিৰ্বাচন কেন্দ্ৰলৈ যাব লাগে। ইয়াতে অতিষ্ঠ হৈ পৰে বহু সংখ্যক বিষয়া-কৰ্মচাৰী। ফলত খাদ্য দলিওৱাৰ লগতে খাদ্য সামগ্ৰীবোৰো লণ্ডভণ্ড কৰে।

এটা সূত্ৰই জনোৱা মতে, একাংশ বিষয়া-কৰ্মচাৰীয়ে মাৰপিটতো লিপ্ত হয়। এই পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণকৈ ব্যৰ্থ হয় জিলা প্ৰাশাসন।

নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ দায়িত্ব জিলা প্ৰশাসনৰ যদিও ভোটগ্ৰহণৰ আগে আগে এই বিশৃংখলা সৃষ্টি হোৱাটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ অকৰ্মণ্যতকে উদঙাই দিলে বুলি মত প্ৰকাশ কৰিছে নিৰ্বাচনৰ কামত নিয়োজিত ভুক্তভোগী বিষয়া-কৰ্মচাৰীসকলে।