NORTHEAST NOW (Assamese)

সুস্থ হৈ উঠিছে ক’ৰ’না আক্ৰান্ত দীপক চাহাৰ; কোৱাৰেণ্টাইন কক্ষৰ পৰা শ্বেয়াৰ কৰিলে শাৰীৰীক অনুশীলনৰ ভিডিঅ’

September 2, 2020 11:05 am · এন ই নাও নিউজ
দীপক চাহাৰ, উৎস-ইণ্টাৰনেট

ক’ৰ’না প’জিটিভ হোৱা চেন্নাই চুপাৰ কিংগছৰ বেগী বলাৰ দীপক চাহাৰ ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি ছ’চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছে।

ইষ্টাগ্ৰামত শাৰীৰীক অনুশীলনৰ দৃশ্যৰ ভিডিঅ’ আপলোড কৰি চাহাৰে কয় যে, তেওঁ ক্ৰমাৎ সুস্থ হৈ উঠিছে আৰু অতি সোনকালে বলিঙৰ মাজলৈ উভতি আহিব।

ক’ৰ’না প’জিটিভ হ’লেও দীপক চাহাৰে কোৱাৰেণ্টাইন হৈ থকা হোটেল কক্ষতে শাৰীৰীক অনুশীলন অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ আই পি এল ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত হ’ব।

আই পি এলত অংশগ্ৰহণৰ উদ্দেশ্যে চেন্নাই চুপাৰ কিংগছৰ খেলুৱৈ সকল য়ু এ ইত উপস্থিত হোৱাৰ পাছতে দলটোৰ ১১-১২ গৰাকী সদস্যৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

বেগী বলাৰ দীপক চাহাৰৰ লগতে বেটছমেন ৰিতুৰাজ গাইকোৱাড আৰু অন্যান্য চাপোৰ্ট ষ্টাফৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছিল।

Related News