NORTHEAST NOW (Assamese)
অসম

দীপাংক নাথেই পুনৰ আছুৰ সভাপতি; শংকৰজ্যোতি বৰুৱা আছুৰ নতুন সাধাৰণ সম্পাদক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2020 8:45 am
WhatsApp Image 2020-11-22 at 8.41.18 AM

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ শনিবাৰে মাজনিশা অনুষ্ঠিত হোৱা বিষয় বাছনি সভাত আছুৰ নতুন সমিতিখন গঠন কৰা হয়।

আছুৰ বৰ্তমান সভাপতি দীপাংক নাথেই পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আনহাতে, আছুৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা।

দেওবাৰে পুৱাই আছুৰ নতুন সমিতিলৈ নিৰ্বাচিত হোৱা বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰা হয়।

দুলীয়াজানৰ শংকৰজ্যোতি বৰুৱা ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দুবাৰকৈ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল।

ইপিনে, আছুৰ মুখ্য উপদেষ্টা পদত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই থাকিব।

আছুৰ নতুন উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছে উদ্দীপ জ্যোতি গগৈ।

আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰা দীপাংক নাথ পুনৰ আছুত থকাৰ সিদ্ধান্তই পৰ্যবেক্ষকসকলক কিছু আচৰিত কৰি তুলিছে।

আনহাতে, কা’ বিৰোধী আন্দোলনত শক্তিশালী ভূমিকা গ্ৰহণ কৰা শংকৰজ্যোতি বৰুৱা আছুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত আছুকৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে।