NORTHEAST NOW (Assamese)
Popular Stories

প্ৰমোদ বড়োৱে এৰিলে এবছু; আজি কৰিব পাৰে এক বৃহৎ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2020 9:13 am
IMG-20181230-WA0008-750x375

দীৰ্ঘদিন ধৰি সবল নেতৃত্বৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি অহা প্ৰমোদ বড়োৰ কাৰ্যকাল বুধবাৰে অন্ত পৰে।

ছাত্ৰ সংগঠনটোৱে প্ৰমোদ বড়োৰ ঠাইত সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিলে দ্বীপেন বড়োক। সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পুনৰবাৰ লৰেন্স ইছলাৰীৰ হাততে প্ৰদান কৰা হয়।

বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ গইবাৰী গৌজন পথাৰত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এবছুৰ বিশেষ অভিৱৰ্তনত এই সিদ্ধান্ত গ্ৰহণ কৰে।

জানিব পৰা মতে, এবছুৰ প্ৰাক্তন সভাপতি তথা অলপতে সম্পাদিত হোৱা ঐতিহাসিক বড়ো চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰমোদ বড়োৱে আজি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বুধবাৰে নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতত ৰাজনৈতিক দল গঠনৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত এনে ধৰণৰ এক ইংগিত প্ৰদান কৰি প্ৰমোদ বড়োৱে সেয়া ৰাইজৰ ওপৰতেই নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে আজি অধিৱেশনৰ দ্বিতীয় দিনা তামুলপুৰ ঘগ্ৰাচ’ক বাকৰিত বড়ো চুক্তি স্বাক্ষৰকাৰী এবছুৰ নেতাৰ লগতে এন ডি এফ বিৰ আটাইকেইটা গোটৰ নেতা সকলক আদৰণি জনোৱাৰ উদ্দেশ্যে এখন মুকলি সভা অনুষ্ঠিত হ’ব।

আৰু এই সভাতে নতুন ৰাজনৈতিক দল গঠনৰ বিষয়টোৱে স্থান পাব পাৰে বুলি বিভিন্ন মহলত চৰ্চিত হৈ আছে।