NORTHEAST NOW (Assamese)
অসম

দলৰ মজিয়াতে মতভেদ! মিত্ৰজোঁট ত্যাগক লৈ অগপৰ দুই নেতাৰ ভিন্ন মত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 27, 2018 10:28 pm
atul bora

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কালি ৱ’মেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ছ’চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে আয়োজন কৰা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কৈছিল, “আমি চৰকাৰৰ পৰা সহজে আঁতৰি নাহো। বাহিৰলৈ ওলাই আহিলে সমস্যাৰ সমাধান নহয়।”

অগপ সভাপতিগৰাকীৰ এই মন্তব্যৰ পিছদিনাই, অৰ্থ্যাৎ আজি দলৰে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই বিপৰীত ভাষ্য আগ বঢ়াই সংবাদ মাধ্যমৰ আগত ‘মিত্ৰজোঁটৰ চৰকাৰৰ পৰা আঁতৰিবলৈ অসম গণ পৰিষদ প্ৰস্তুত‘ বুলি মন্তব্য কৰে।

তেওঁ লগতে সংবাদ মাধ্যমৰ আগত কয়, “যিকোনো মুহূৰ্ততে অসম গণ পৰিষদ চৰকাৰৰ পৰা ওলাই আহিব।”

কলিতাৰ এই ভাষ্যৰ বিপৰীতে দলৰ সভাপতিগৰাকীয়ে কালি সংবাদ মধ্যমৰ আগত কৈছিল, “চৰকাৰৰ ভিতৰত থাকি আমি যুঁজি যাম নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। পূৰ্বতে আই এম ডি টি আইন থকাৰ বাবে আমি বিদেশী চিনাক্ত কৰিব পৰা নাছিলো। কিন্তু এতিয়া আৰু কোনো আপোচ কৰা নহ’ব। বিদেশী বহিষ্কাৰ কৰিব নোৱৰাৰ বাবেই অসমৰ ৰাইজে আমাক পিছৰ পৰ্যায়ত ক্ষমতালৈ আহিবলৈ দিয়া নাই।”

লক্ষণীয় কথা যে, অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ  ‘নাটক’ কৰি আছে নেকি বুলিও বহুজনে ইতিমধ্যে অগপলৈ আঙুলি টোঁওৱা দেখিবলৈ পোৱা গৈছে।

অগপৰ যোৱা ২৩ অক্টোবৰত অনুষ্ঠিত কৰা ‘প্ৰতিবাদী সমাৱেশ এখন নাটক’ বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দাবী কৰিছিল। তেওঁ লগতে কৈছিল যে অগপৰ তিনিজন মন্ত্ৰীয়ে মন্ত্ৰিত্ব পদ ত্যাগ কৰিলেই কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত থমকি ৰ’ব।

তাৰ বিপৰীতে ক্ষমতালিপ্সু কৃষি মন্ত্ৰী অতুল বৰাই কয়, “কোনোবাই ক’লে বুলিয়েই আমি ওলাই আহিম নেকি? এনেকুৱাতো কথা নহয় যে আমি ওলাই আহিলো বুলিয়ে চৰকাৰখন অস্বস্তিত পৰিব? তেওঁলোকৰ একক সংখ্যাগৰিষ্ঠতা আছে।”

আনহাতে, আজি অসম সংগ্ৰামী মঞ্চয়ো বিজেপিৰ মিত্ৰজোঁটৰ বাবে আহ্বান জনাই সংবাদমেলত লগতে কয়, “অগপ-বিজেপিৰ মিত্ৰতা বাহাল থাকিলে আগন্তুক নিৰ্বাচনবোৰত বিজেপিৰ প্ৰতিনিধিয়ে অগপৰ ভোট লাভ কৰিব অৰ্থ্যাৎ বিজেপিৰ প্ৰতিনিধি জয়ী হোৱাত অগপই অৰিহণা যোগাব।”

উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও অগপৰ স্থিতিক লৈ পূৰ্বতে আহ্বান জনোৱা সংবাদমেলসমূহত অগপ দলৰ স্থিতিক লৈ কঠোৰভাৱে সমালোচনা কৰিছিল। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অগপই পদত্যাগ কৰিলে অসমীয়া জাতিৰ কি লাভ হ’ব?’ এই মন্তব্য আছিল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ।

ইয়াৰোপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে ৰাজ্যিক বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষত শপত লোৱাৰ পাছতো অগপই পদত্যাগ নকৰাক লৈ তীব্ৰ সমালোচনা কৰিছিল।

গগৈৰ মতে, “বিজেপিৰ কেন্দ্ৰীয় সমিতি, ৰাজ্যিক বিজেপি তথা মুখ্য মন্ত্ৰীয়ে নাগৰিকত্ব বিধেয়কৰ সপক্ষে সিদ্ধান্ত লোৱাৰ পাছতো চৰকাৰৰ লগত থাকি অগপই অসমীয়াজাতিক ‘বিশ্বাসঘাতকতা’ কৰিছে।”

ইপিনে এটা দলৰে দুজন নেতাৰ পৃথক মন্তব্যই কিহৰ ইংগিত বহন কৰিছে সেয়া মন কৰিব লগীয়া।