NORTHEAST NOW (Assamese)
Popular Stories

বিচ্ছিন্ন বিদ্যুৎ সংযোগ! চিকিৎসালয়ত মোবাইল ফোনৰ টৰ্ছ ব্যৱহাৰ কৰি ৰোগীৰ অস্ত্ৰোপচাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2025 9:12 pm

কৰ্ণাটকৰ এখন চিকিৎসালয়ত সংঘটিত হ’ল এক আচৰিত ঘটনা। চিকিৎসকে মোবাইলৰ পোহৰ ব্যৱহাৰ কৰি এজন ব্যক্তিৰ ঘাঁত চিলাই কৰে। সেই সময়ত হস্পিতালত বিদ্যুৎ নাছিল!

১৩ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনা। দুৰ্ঘটনাত আহত এজন ব্যক্তিক কৰ্ণাটকৰ বল্লাৰীৰ চৰকাৰী চিকিৎসালয়লৈ অনা হয়। তেওঁৰ চিকিৎসাৰ সময়ত হঠাতে বিদ্যুৎ বন্ধ হৈ গল। ইয়াৰ বাবেই চিকিৎসকে মোবাইলৰ পোহৰ ব্যৱহাৰ কৰি ব্যক্তিজনৰ ঘাঁ চিলাই কৰিবলৈ বাধ্য হৈছিল।

চৰকাৰী চিকিৎসালয়ত জৰুৰীকালীন বিদ্যুৎ যোগান কিয় নহল বুলি বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। সেইবাবেই মোবাইল জ্বলাই কাম কৰিবলৈ বাধ্য হৈছে চিকিৎসকে। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, পুৱাৰে পৰা অঞ্চলটোত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে। পাছত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে জৰুৰীকালীন সেৱাও ব্যাহত হৈ পৰে।