NORTHEAST NOW (Assamese)

কথন: চৰকাৰী স্কুল বন্ধ হোৱাৰ বাবে কোন দায়ী , নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান

September 17, 2022 7:26 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: September 17, 2022 7:41 pm

অসম চৰকাৰে ৰাজ্যৰ কেইবাহাজাৰ বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে সময়তে স্পৰ্শকাতৰ বিষয়টোকলৈ নৰ্থ ইষ্ট নাও-এ এক বিশেষ আলোচনা অনুষ্ঠিত কৰে।

নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে আঁত ধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী, শিক্ষা বিষয়ৰ সৈতে দীৰ্ঘদিন ধৰি জৰিত হৈ থকা ব্যক্তি ডঃ ইন্দ্ৰানী দত্ত, সক্ৰিয় ৰাজনৈতিক কৰ্মী সুব্ৰত তালুকদাৰে ।

অনুষ্ঠানটোত উপস্থিত থকা কেউগৰাকী বক্তাই বহু চৰকাৰী বিদ্যালয় বন্ধ কৰা আৰু বহু বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰে।

’কথন: চৰকাৰী স্কুল বন্ধ হোৱাৰ বাবে কোন দায়ী’ শীৰ্ষক অনুষ্ঠানটোৰ সম্পূৰ্ণ ভিডিঅ’ ইয়াত সংলগ্ন কৰা হৈছে।

Related News