NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী পাটোৱাৰীৰে আলোচনা বিফল; বাহাল থাকিব ‘অনিৰ্দিষ্টকালীন চকা বন্ধ’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 6, 2020 7:19 pm
Poribohon

আজি বিভিন্ন দাবীৰে সদৌ অসম মটৰ পৰিবহন সন্থাই খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰে এক বৈঠকত মিলিত হৈছিল।

কিন্তু সেই আলোচনা বিফল হোৱা বুলি দাবী কৰিছে সদৌ অসম মটৰ পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে।

‘আমাৰ মন্ত্ৰীৰ সৈতে আলোচনা বিফল হ’ল। আমি আমাৰ অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী বাহাল ৰাখিম।‘ নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইদৰে কয় প্ৰদীপ দাসে।

আলোচনা চলি থকাৰ মাজতে মন্ত্ৰীৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছিল পৰিবহন সন্থাই। কিন্তু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী লিখিত প্ৰতিশ্ৰুতি দিবলৈ অমান্তি হোৱাত এই অনিৰ্দিষ্টকালীন ‘চকা বন্ধ’ কাৰ্য্যসূচী বাহাল ৰাখিব বুলি কয়।

উল্লেখযোগ্য যে, যিহেতু যাত্ৰী ৫০ শতাংশ কঢ়িয়াব লাগে গতিকে বাহনৰ মালিকৰ কৰো ৫০ শতাংশ ৰেহাই দিব লাগে। এই দাবীৰ লগতে য’তে ত’তে টোলগেটসমূহ হোৱাৰ বাবে গাড়ীৰ মালিকৰ ওপৰত মাধমাৰ সোধোৱাৰ দৰে হৈছে বুলি তেওঁ দাবী কৰে।

ইপিনে, ৫০ শতাংশ যাত্ৰী কঢ়িয়াবৰ বাবে অনুমতি দিয়াৰ সমান্তৰালকৈ যাত্ৰীৰ পৰা ৫০ শতাংশ ভাড়া বেছিকৈ ল’বলৈ অনুমতি দিবলৈ মটৰ পৰিবহন সন্থাই আহ্বান জনায়।