NORTHEAST NOW (Assamese)
অসম

মহানগৰীত চাকৰিৰ বেহা! বৰবাৰীৰ ল’জৰ পৰা ৭ জন দালালক আটক দিছপুৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2022 11:31 am

অসম চৰকাৰৰ চাকৰিৰ নামত ধনৰ লেনদেনৰ অভিযোগে প্ৰবল বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে গুৱাহাটীৰ ল’জত বহি চাকৰিৰ বেহা চলোৱা এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী।

মহানগৰীৰ বৰবাৰীৰ এটা ল’জৰ পৰা ৭ জন দালালক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।

জানিব পৰা মতে, জলসম্পদ বিভাগত চাকৰি দিয়াৰ নামত ধন দাবী কৰিছিল দালালকেইজনে।

দালালকেইজনে হেঙেৰাবাৰীৰ বৰবাৰীৰ জি ডি ল’জত বাহৰ পাতি আছিল।

এচিপি হিমাংশু প্ৰসাদ দাসৰ নেতৃত্বত যোৱা দিছপুৰ আৰক্ষীৰ এটা দলে দালাকেইজনক আটক কৰে।

তেওঁলোকে চাকৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি আছিল বুলিও জানিব পৰা গৈছে।

ধৃত দালালকেইজন হৈছে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, নলবাৰীৰ গোবিন্দ চৌধুৰী, নলবাৰীৰ নুৰ ইছলাম আহমেদ, বশিষ্ঠৰ জয়ন্ত ডেকা,  নলবাৰীৰ প্ৰাঞ্জল বৰ্মন আৰু গোৱালপাৰাৰ জয়ন্ত দাস।

দিছপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দালালকেইজনৰ জেৰা অব্যাহত ৰাখিছে।