NORTHEAST NOW (Assamese)
অসম

দিচপুৰ আৰক্ষীৰ জালত পৰিল হেলমেটত লুকুৱাই অনা ড্ৰাগছ সৰবৰাহকাৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 28, 2019 6:06 pm

ৰাজ্যত এতিয়া দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগতে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ দৰে ঘটনা। বৃহস্পতিবাৰে আৰক্ষীৰ দলে নগাঁৱৰ আমনিত এনে এটা ড্ৰাগছ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হোৱাৰ পিছতে আজি পুনৰ দিচপুৰ আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী জনক নুৰ ইছলাম (১৮) বুলি চিনাক্ত কৰা হৈছে। ধৃত নুৰ ইছলামৰ ঘৰ ধুবুৰীৰত আৰু ইছলামে দীৰ্ঘদিন ধৰি মহানগৰীৰ পাঞ্জাবাৰীত ভাৰাতীয়া হিচাপে আছিল।

আজি দিনৰ প্ৰায় ১ মান বজাত দিচপুৰ আৰক্ষীয়ে ছয়মাইলত নুৰ ইছলামক আটক কৰিবলৈ সক্ষম হয়। ধৃত ইছলামে হেলমেটত ড্ৰাগছ লুকুৱাই আনিছিল।

দিচপুৰ আৰক্ষীয়ে ইছলামৰ পৰা ১০০ গ্ৰাম ব্ৰাউন ছুগাৰ, ২০ টা কনটেইনাৰ আৰু ৪ টা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান দিচপুৰ আৰক্ষীৰ জিম্মাত নুৰ ইছলামক ৰখা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।