NORTHEAST NOW (Assamese)

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষৰ চিকিৎসাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰে

May 5, 2019 10:41 pm · এন ই নাও নিউজ
অসম বিধানসভা ভৱন।

অসম চৰকাৰে বিগত কিছুদিনৰ পৰা অসুস্থ হৈ পৰা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান মহম্মদৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছে।

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ ৰাজনীতিক গৰাকীৰ অসুস্থ অৱস্থাৰ কথা গম পোৱাৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চিকিৎসাৰ সমস্ত দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এই কথা কোৱা হৈছে।

বৰ্তমান গুৱাহাটীৰ গান্ধীবস্তিত থকা তেওঁৰ বাসগৃহত চিকিৎসা গ্ৰহণ কৰি থকা প্ৰাক্তন অধ্যক্ষ গৰাকীক পূৰ্বে জিএনআৰচি হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখযোগ্য যে শ্বেখ চান মহম্মদে ১৯৭৯ চনৰ পৰা ১৯৮৬ চনলৈকে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ চলাইছিল। বৰক্ষেত্ৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত শ্বেখ চান মহম্মদ এগৰাকী সৰলমনা তথা নীতিনিষ্ঠ ৰাজনীতিক হিচাপে সুপৰিচিত।

Related News