NORTHEAST NOW (Assamese)
অসম

পৰিষ্কাৰ-প্লাষ্টিক মুক্ত বেলনা গাঁৱখনকলৈ জিলা প্ৰশাসনৰ তৎপৰতা

Posted by: আনিছুজ জামান Updated by: আনিছুজ জামান October 13, 2019 6:49 am
IMG-20191012-WA0013

বৰপেটা জিলাৰ ভিতৰতে পৰিষ্কাৰ আৰু প্ৰথমখন প্লাষ্টিক মুক্ত গাঁও হিচাপে পৰিচিত হৈ পৰা বেলনাৰ প্ৰতি জিলা প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশক্ৰমে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই শুকুৰবাৰে গাঁওখন ভ্ৰমণ কৰে আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ গাঁৱখনৰ অভাৱ-অভিযোগৰ বুজ লয়।

তেওঁ গাঁৱবাসী ৰাইজৰ অনুকৰণীয় প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰি স্বচ্ছতাৰ দিশত আৰু অধিক আগবাঢ়ি যোৱাৰ লগতে গাঁওখনৰ এই সুনামক পৰ্যটনৰ সুযোগ সৃষ্টিত ব্যৱহাৰৰ পৰামৰ্শ দিয়ে।

তেওঁ লগতে জনোৱা মতে অহা মাহত জিলাখনৰ সকলো বিভাগৰ বিষয়াই গাঁওখন পৰিদৰ্শন কৰিব।

জিলা জনসংযোগ বিষয়া গৰাকীৰ সৈতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা জিলাৰ তথ্য আৰু শিক্ষা পৰামৰ্শদাতা প্ৰাঞ্জল ডেকায়ো ভ্ৰমণত সঙ্গ দিয়ে।

বজালী উন্নয়ন খণ্ড এলেকাৰ ডূমুৰীয়া গাঁও পঞ্চায়তৰ অধীনৰ গাঁওখনৰ নতুন বেলনা দৃষ্টি স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি জিতুমণি ৰয়, নতুন বেলনা যুৱ সংঘৰ সভাপতি অনিৰুদ্ধ ৰয়, গাঁও উন্নয়ন সমিতিৰ সভাপতি কুমুদ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অমূল্য বৈশ্য প্ৰমূখ্যে গাঁওখনৰ যথেষ্ট সংখ্যক লোকে জনসংযোগ বিষয়া শৰ্মাক গাঁওখনক সেউজ আৰু পৰিষ্কাৰ কৰি গঢ়ি তোলাৰ বাবে আৰম্ভ কৰা সুন্দৰ যাত্ৰাৰ বিষয়ে কোৱাৰ উপৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বিষয়েও উল্লেখ কৰে।

উল্লেখ্য যে স্বচ্ছ ভাৰত অভিযানত এই গাঁওখনে লাভ কৰা সফলতাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি অলপতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰশংসাসূচক টুইট কৰিছে।