NORTHEAST NOW (Assamese)
অসম

যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই ৰেছন কাৰ্ড ওভতাই দিয়াৰ নিৰ্দেশ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 6, 2021 5:15 pm
d-Ration-Card-Portability-

 গোলাঘাট জিলাৰ বিভিন্ন স্থানত বহু যোগ্যতাবিহীন পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি আছে বুলি বিভিন্ন সময়ত উত্থাপন হৈ অহা অভিযোগৰ ভিত্তিত গোলাঘাট জিলা প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰা জিলা উপায়ুক্তৰ স্বাক্ষৰ সম্বলিত এখন গোহাৰিত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে মহকুমা যোগান বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে ।

অন্যথা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ’লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে ।