NORTHEAST NOW (Assamese)
অসম

আফস্পা মুক্ত হ’ল পশ্চিম কাৰ্বি আংলং: ‘অশান্ত অঞ্চল’ৰ মোহৰ বাতিল কৰিলে অসম চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 20, 2022 6:53 pm
AFSPA

গত ১ অক্টোবৰৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA)ৰ অধীনত “অশান্ত অঞ্চল” হিচাপে লগোৱা মোহৰ বাতিল কৰিছে অসম চৰকাৰে।

অৱশ্যে চৰকাৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ সীমান্তৱৰ্তী আন আঠখন জিলা আৰু মণিপুৰৰ সীমান্তৱৰ্তী এটা মহকুমা আগন্তুক ছয় মাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি কৰে।

ৰাজ্যপালৰ দ্বাৰা অনুমোদিত এক বিবৃতিটোত শেহতীয়াকৈ অসমত আইন-শৃংখলা আৰু নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাই পশ্চিম কাৰ্বি আংলং জিলাত পৰিস্থিতি যথেষ্ট উন্নত হোৱাৰ প্ৰমাণ দিছে বুলি উল্লেখ কৰি অঞ্চলটোৰ পৰা আফস্পা বাতিলৰ সিদ্ধান্ত লয়।

বৰ্তমান আফস্পা কাৰ্যকৰী হৈ থকা অসমৰ আঠখন জিলা হৈছে ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাও। আনহাতে কাছাৰ জিলাৰ লখিপুৰ মহকুমাতো আফস্পা বৰ্তি থাকিব।

উল্লেখ্য যে চলিত বৰ্ষৰ ১ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে ২৩ খন জিলাৰ পৰা আফস্পা সম্পূৰ্ণৰূপে বাতিল কৰাৰ পৰিৱৰ্তে এখন জিলাৰ পৰা আংশিকভাৱে প্ৰত্যাহাৰ কৰিছিল।

ইতিপূৰ্বে ১৯৯০ চনৰ ২৭ নৱেম্বৰত অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি সমগ্ৰ ৰাজ্যখন আফস্পাৰ অধীনলৈ অনা হৈছিল। তেতিয়াৰ পৰাই সময়ে সময়ে ইয়াৰ ম্যাদ বৃদ্ধি কৰা হৈছে।