NORTHEAST NOW (Assamese)
অসম

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2025 7:46 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ন’ভাক জ’কভিচে ছাৰ্বিয়া ত্যাগ কৰিলে। ৩৮ বছৰীয়া টেনিছ কিংবদন্তিগৰাকীয়ে দেশত অস্থিৰতাৰ কাৰণে পৰিয়ালৰ সৈতে সকলোৰে অলক্ষিতে গ্ৰীচলৈ স্থানান্তৰিত হৈছে।

জ’কভিচে সমগ্ৰ ছাৰ্বিয়া জুৰি হোৱা চৰকাৰ বিৰোধী আন্দোলনক ৰাজহুৱাভাৱে সমৰ্থন কৰিছিল। সেইবাবেই তেওঁ চৰকাৰৰ ৰোষৰ সন্মুখীন হয়। তাৰবাবেই তেওঁ নিজৰ দেশ এৰি পৰিয়ালৰ সৈতে গ্ৰীচলৈ গুচি গ’ল।

এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে জ’কভিচে তেওঁৰ দুটা সন্তান পুত্ৰ ষ্টেফান আৰু কন্যা টাৰাক এথেন্সৰ ছেইণ্ট লৰেন্স কলেজত ভৰ্তি কৰাইছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে তেওঁ চহৰত এটা ঘৰো কিনিছে।

শেহতীয়াকৈ এথেন্সৰ কাভুৰি টেনিছ ক্লাবতো জ’কভিচক পুত্ৰৰ সৈতে খেলি থকা দেখা গৈছিল। জানিব পৰা মতে তেওঁ গ্ৰীক গোল্ডেন ভিছাৰ বাবে আবেদন কৰিব পাৰে। এই ভিছা গ্ৰীচত নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ কৰি লাভ কৰিব পাৰি। ইয়াৰ উপৰিও তেওঁ গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছ’টাকিছক দুবাৰকৈ সাক্ষাৎ কৰিছে। ফ্ৰান্সৰ মনাকোত তেওঁৰ সম্পত্তি আছে বুলিও জনা যায়।

যোৱা ডিচেম্বৰ মাহত ন’ভি ছাদৰ এটা ৰে’লৱে ষ্টেচনত সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাৰ পাছত ছাৰ্বিয়াত চৰকাৰ সলনিৰ প্রতিবাদ আৰম্ভ হৈছিল৷ এই ঘটনাত ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত জ’কভিচেও ছাত্ৰ আন্দোলনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

তেওঁ আনকি নিজৰ অষ্ট্ৰেলিয়ান অ’পেন জয় আন্দোলনত মৃত্যু হোৱা এজন ছাত্ৰৰ বাবে উৎসৰ্গা কৰিছিল। তদুপৰি বেলগ্ৰেড বাস্কেটবল ডাৰ্বি চাবলৈ তেওঁ পিন্ধিছিল ‘ষ্টুডেণ্টছ এণ্ড চেম্পিয়নছ’ বুলি লিখা টি-চাৰ্ট। হয়তো সেইবাবেই টেনিছ কিংবদন্তিজন ছাৰ্বিয়া প্ৰশাসনৰ ‘শত্ৰু’ হৈ পৰিল। সেইবাবেই জ’কভিচে ছাৰ্বিয়া এৰি গ্ৰীচলৈ গুচি গৈছে।