ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনেৰে পাৰ হৈ যোৱা সকলো ৰে’লৰ যাত্ৰা বন্ধ কৰি দিয়াৰ ভাবুকি ডিমাপুৰ নাগা ছাত্ৰ সন্থাৰ

নাগালেণ্ডৰ ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনৰ মাজেৰে পাৰ হৈ যোৱা সকলো ধৰণৰ ৰে’ল যাত্ৰা বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে ডিমাপুৰ নাগা ছাত্ৰ সংগঠনে(ডি এন এছ য়ু)।
উত্তৰ-পূব সীমান্ত ৰে’লৱে অসমৰ লিডুলৈ নাগালেণ্ড এক্সপ্ৰেছ চলোৱাৰ সিদ্ধান্ত বাতিল নকৰিলে ডিমাপুৰ নাগা ছাত্ৰ সন্থাই ডিমাপুৰ ৰে’ল ষ্টেশ্যনত ৰে’ল অৱৰোধ কৰিব বুলি হুমকি দিয়ে।
বৰ্তমান নাগালেণ্ড এক্সপ্ৰেছে ডিমাপুৰতে নিজৰ যাত্ৰাৰ সামৰণি মাৰিছিল।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সিদ্ধান্তই নিয়মীয়া যাত্ৰী সকলৰ উপৰিও নাগালেণ্ডৰ শিক্ষাৰ্থী সকলকো ক্ষতিগ্ৰস্ত কৰিব।
বিমান যাত্ৰাৰ ব্যয় বহন কৰিব নোৱাৰা নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই সিদ্ধান্তৰ ফলত আটাইতকৈ বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব।
‘‘আমি ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনৰ মাজেৰে পাৰ হৈ যোৱা সকলো ধৰণৰ ৰে’লৰ যাত্ৰা বন্ধ কৰি দিম,’’ ডি এন এছ য়ুৰ সভাপতি ছেদেভিলে আংগামিয়ে কয়।
আংগামিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সিদ্ধান্তক একপক্ষীয় আৰু বিভেদকামী বুলিও লগতে উল্লেখ কৰে।