NORTHEAST NOW (Assamese)
জীৱনশৈলী

গৰমত দৈনিক সেৱন কৰে নেকি নেমুৰ চৰবত? সাৱধান! ক্ষতি হ’ব পাৰে স্বাস্থ্যৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 22, 2024 5:34 pm

গ্ৰীষ্মকালত গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বহুতে নেমুৰ চৰবত খায়। নেমুপানীয়ে দেহটো সজীৱ কৰি ৰখাত সহায় কৰে।

কিন্তু দৈনিক নেমু চৰবত খালে শৰীৰৰ বিভিন্ন ক্ষতি হব পাৰে। নেমুপানীৰ বাবে কেতিয়াবা দাঁতৰ আৰু কেতিয়াবা পেটৰ সমস্যাও হ’ব পাৰে। নএমুত যথেষ্ট পৰিমাণে এচিড থাকে। সেয়ে অত্যধিক নেমু চৰবতে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

দাঁতৰ সমস্যা –  নেমুত চাইট্ৰিক এচিডৰ পৰিমাণ বেছিকৈ থকাৰ বাবে ই দাঁতৰ যিকোনো সমস্যাআৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। আনকি দাঁতৰ ক্ষয়ও হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ কৰা – নেমুপানীয়ে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে। নেমু পানী খাই থকা ব্যক্তিয়ে দিনটোত প্ৰস্ৰাৱ কৰাৰ সংখ্যা বাঢ়িব পাৰে। অত্যধিক প্ৰস্ৰাৱ নিৰ্গত হ’লে দেহ সজীৱ হৈ নাথাকে। মাইগ্ৰেইনৰ সমস্যা থকা সকলে নেমু কমকৈ খোৱাই ভাল।

এচিডিটিৰ সমস্যা – যিসকল লোকৰ এচিডিটিৰ সমস্যা আছে তেওঁলোকে নেমুৰ পানী পৰিহাৰ কৰিব লাগে। কাৰণ বেছিকৈ নেমু খালে পেটত এচিডৰ পৰিমাণ বৃদ্ধি পায়।