NORTHEAST NOW (Assamese)
Popular Stories

দুপৰীয়াৰ আহাৰ খোৱাৰ ঠিক পাছতেই আপুনি এলাহ অনুভৱ কৰে নেকি? তেন্তে মানি চলক এইকেইটা নিয়ম…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2025 12:06 pm

দুপৰীয়া ভাত খোৱা আৰু তাৰ পাছত শোৱাটো বহু সময়ৰ পৰা চলি অহা অভ্যাস। দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বহুতে এলেহুৱা অনুভৱ কৰে। কাম কৰিবলৈ মন নাযায়। কিন্তু দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত কিয় লেহেমীয়া অনুভৱ হয় জানেনে? সজাগ হৈ থাকিবলৈ কি কৰিব লাগে জানো আহক…

পুষ্টিবিদসকলে কয় যে খাদ্য আৰু জীৱনশৈলীত সৰু সৰু পৰিৱৰ্তন কৰিলে আপুনিও সজাগ আৰু শক্তিৰে ভৰপূৰ হৈ থাকিব পাৰে।

সেই পৰিৱৰ্তন কি?

সুষম খাদ্য: সদায় সুষম খাদ্য গ্ৰহণ কৰাটো বাঞ্ছনীয়। পাষ্টা, পেষ্ট্ৰি, ঠাণ্ডা পানীয়, চেনিযুক্ত খাদ্য দুপৰীয়াৰ আহাৰ গ্ৰহণৰ তালিকাৰ পৰা বাদ দিব লাগে। এইবোৰে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰি শৰীৰত ভাগৰুৱা অৱস্থাৰ সৃষ্টি কৰে। ফলত এলাহ বাঢ়ি যায়। ইয়াৰ পৰা হাত সাৰিবলৈ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ মেনুত বগা চাউল অথবা ব্ৰাউন ৰাইচ, ৰুটি, কুকুৰা, মাছ, শাক-পাচলি, টোফু, পনিৰ, এভোকেডো আদি থাকিব লাগে। আপুনি নিশ্চিত হ’ব লাগিব যে আপোনাৰ খাদ্যত কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰটিনৰ ভাৰসাম্য থাকে, তেতিয়াহে আপুনি এলাহ দূৰ কৰিব পাৰিব।

গধুৰ আৰু তেলীয়া খাদ্য পৰিহাৰ কৰক – এলাহ দূৰ কৰিবলৈ যিকোনো ধৰণৰ গধুৰ আৰু তেলীয়া খাদ্য পৰিহাৰ কৰিব লাগে। এইবোৰে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰাই নহয় শৰীৰক মন্থৰ কৰি তোলে। ইয়াৰ উপৰিও এই ধৰণৰ খাদ্য খাবলৈ সুস্বাদু হ’লেও মগজুৰ কাৰ্যক্ষমতা হ্ৰাস কৰে।

খাদ্য খোৱাৰ আগতে আৰু পাছত পানী খোৱা – শৰীৰ সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। খাদ্য খোৱাৰ আগতে আৰু পিছত নিয়মিতভাৱে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

নিয়ন্ত্ৰিত খাদ্যাভ্যাস – মধ্যমীয়া খাদ্য গ্ৰহণ কৰিলে আৰু দিনত অতিমাত্ৰা খাদ্য গ্ৰহণ নকৰিলে বহু পৰিমাণে সজাগ হৈ থকাটো সম্ভৱ।

খাদ্য খোৱাৰ পাছত খোজ কঢ়া – দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত ১০-১৫ মিনিট খোজ কাঢ়িলে শৰীৰৰ বাবে অতি উপকাৰী। ই কেৱল পাচন প্ৰক্ৰিয়াটো সহজ কৰি তোলাই নহয়, শৰীৰত ৰক্ত সঞ্চালন স্বাভাৱিক আৰু সতেজ কৰি ৰখাতো সহায় কৰে।